অসম

assam

By

Published : Mar 13, 2021, 6:29 PM IST

ETV Bharat / bharat

হিন্দু পুৰুষ-মুছলমান মহিলাৰ মাজৰ বিবাহ অবৈধ: ন্যায়ালয়

এজন হিন্দু পুৰুষ আৰু এগৰাকী মুছলমান মহিলাৰ মাজত হোৱা বিবাহ বৈধ নহয়, যেতিয়ালৈকে হিন্দু ধৰ্মলৈ ৰূপান্তৰিত নহয় । এটা দম্পতীৰ এক আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে পঞ্জাৱ আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ে ।

হিন্দু পুৰুষ-মুছলমান মহিলাৰ মাজৰ বিবাহ অবৈধ: ন্যায়ালয়
হিন্দু পুৰুষ-মুছলমান মহিলাৰ মাজৰ বিবাহ অবৈধ: ন্যায়ালয়

নেশ্যনেল ডেস্ক, ১৩ মাৰ্চ: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে শনিবাৰে ৰায়দান কৰে যে এজন হিন্দু পুৰুষ আৰু এগৰাকী মুছলমান মহিলাৰ মাজত হোৱা বিবাহ বৈধ নহয় ৷ যেতিয়ালৈকে মুছলমান সম্প্ৰদায়ৰ ব্যক্তিগৰাকী হিন্দু ধৰ্মলৈ ৰূপান্তৰিত নহয় । আদালতে এটা দম্পতীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে । দম্পতীটোৱে জানুৱাৰীত শিৱ মন্দিৰত বিবাহপাশত আৱদ্ধ হৈছিল । উল্লেখ্য যে, বিবাহপাশত আৱদ্ধ হোৱা মহিলাগৰাকী ইছলাম ধৰ্মৰ বিপৰীতে ব্যক্তিজন হিন্দু ধৰ্মৰ আছিল ৷

পাচত দম্পতীটোৰ বিৰুদ্ধে পৰিয়ালৰ লোকে আদালতত আবেদন দাখিল কৰে । তেওঁলোকে এইদৰে বিবাহপাশত আৱদ্ধ হোৱাত পৰিয়ালে প্ৰাণে মৰাৰ ভাবুকি দিছিল আৰু আৰক্ষীয়ে দম্পতীটোক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হৈছিল বুলি আবেদনকাৰীয়ে প্ৰকাশ কৰে । জানিব পৰা মতে, দম্পতীটোৱে নিৰাপত্তা বিচাৰি হাৰিয়ানাৰ আম্বালাৰ আৰক্ষী অধীক্ষকৰ কাষ চপিছিল যদিও বিফল হয় ।

লগতে পঢ়ক: COVID-১৯ নীতি উলংঘনৰ সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত উত্তৰাখণ্ড চৰকাৰৰ

ABOUT THE AUTHOR

...view details