নিউজ ডেস্ক, ২২ জুন :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান আমেৰিকা ভ্ৰমণত আছে । তেওঁৰ বাবে হোৱাইট হাউছত আয়োজন কৰা হৈছে নৈশভোজৰ । উক্ত নৈশভোজত প্ৰধানমন্ত্ৰীৰ সৈতে আহাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ৪০০ জন অতিথি । প্ৰধানমন্ত্ৰী মোদী তথা এই অতিথিসকলৰ বাবে প্ৰস্তুত কৰা খাদ্য তালিকাত আছে মেৰিনেট কৰা মিলেট, কৰ্ণ কাৰ্ণেল চালাড আৰু বিশেষ কাঠফুলা । প্ৰধানমন্ত্ৰী নিৰামিষভোজী হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ফাৰ্ষ্ট লেডী জিল বাইডেনে বুধবাৰে কয় যে তেওঁ উদ্ভিদজাত ৰন্ধন প্ৰণালীত বিশেষজ্ঞ চেফ নীনা কাৰ্টিছক হোৱাইট হাউছৰ কৰ্মচাৰীৰ সৈতে কাম কৰিবলৈ আৰু এক উৎকৃষ্ট নিৰামিষ খাদ্য সম্ভাৰ প্ৰস্তুত কৰিবলৈ আমন্ত্ৰণ জনাইছে ।
অৱশ্যে অতিথিসকলে তেওঁলোকৰ মুখ্য খাদ্য সম্ভাৰত মাছ গ্ৰহণৰো বিকল্প থাকিব । বৃহস্পতিবাৰে হোৱাইট হাউছৰ ছাউথ লনত ৰাষ্ট্ৰীয় নৈশভোজ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এনেদৰে কয় ।
উল্লেখ্য, মোদীয়ে বৃহস্পতিবাৰে নিউয়ৰ্কৰ পৰা আহি ৱাশ্বিংটনত উপস্থিত হয় । বুধবাৰে তেওঁ নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ এক ঐতিহাসিক অনুষ্ঠানৰ নেতৃত্ব দিয়ে । উক্ত অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ বিষয়া, কূটনীতিবিদ আৰু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে । উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদী ৰাষ্ট্ৰপতি জো বাইডেন আৰু আমেৰিকান ফাৰ্ষ্ট লেডীৰ আমন্ত্ৰণত ২১-২৪ জুনলৈ আমেৰিকা ভ্ৰমণত আছে ।
আনহাতে, জো বাইডেনৰ পত্নী জিল বাইডেনে কয় যে হোৱাইট হাউছৰ ছাউথ লনত বিশেষভাৱে সজোৱা পেভিলিয়নত নৈশভোজনৰ বাবে ৪ শতাধিক অতিথিক আমন্ত্ৰণ জনোৱা হৈছে । ষ্টেট ডিনাৰৰ প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত থাকিব মেৰিনেট কৰা মিলেট (marinated millet), গ্ৰিল কৰা কৰ্ণ কাৰ্ণেল চালাড (grilled corn kernel salad), বিশেষভাৱে প্ৰস্তুত কৰা তৰমুজ (compressed watermelon) আৰু এবিধ টেঙা এভোকাডো চচ (tangy avocado sauce) । আনহাতে, মুখ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত থাকিব বিশেষভাৱে প্ৰস্তুত কৰা কাঠফুলা আৰু এক ক্ৰীমযুক্ত কেশৰ-সঞ্চাৰিত ৰিছ'টো (creamy saffron-infused risotto) ।