অসম

assam

By

Published : Oct 7, 2022, 11:54 AM IST

ETV Bharat / bharat

Marburg virus outbreak : ১৮ বছৰ পাছত পুনৰ ভয়ংকৰ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

ক'ভিডৰ পৰা কোনোমতে বিশ্ববাসী মুক্ত হৈছে । কিন্তু ইয়াৰ মাজতে আন এক উদ্বেগজনক খবৰ । ১৮ বছৰৰ পাছত পুনৰ এটা মাৰাত্মক ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছে । পশ্চিম আফ্ৰিকাত মাৰ্বাৰ্গ ভাইৰাছত আক্ৰান্ত হৈছে দুজন লোক (Marburg virus outbreak)। কিন্তু কি এই মাৰ্বাৰ্গ ভাইৰাছ ? ই কেনেদৰে বিয়পে, মানৱ সমাজৰ বাবে কিমান ভয়াৱহ হ'ব পাৰে এই ভাইৰাছ ?

Marburg virus outbreak
১৮ বছৰ পাছত পুনৰ ভয়ংকৰ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

নিউজ ডেস্ক,৭ অক্টোবৰ :১৯৭৬ চনত জাৰ্মানীৰ মাৰ্বাৰ্গ আৰু ফ্ৰাংকফুর্ট আৰু ছাৰ্বিয়াৰ বেলগ্ৰেডত এক নতুন ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছিল (Marburg first outbreak in 1976)। তেতিয়া মাৰ্বাৰ্গৰ ভাইৰোলজিষ্টসকলে আৱিষ্কাৰ কৰিছিল এই 'মাৰ্বাৰ্গ ভাইৰাছ'ৰ । যাক ফিলোভিৰিডে ভাইৰাছ আৰু ইবোলা ভাইৰাছৰ অনুৰূপ মাৰাত্মক বুলি গণ্য কৰা হৈছিল । মাৰ্বাৰ্গ ভাইৰাছ ফল খোৱা বাদুলিৰ পৰা মানুহলৈ সংক্ৰমিত হ'ব পাৰে (Marburg virus can be transmitted from fruit bats) আৰু মানুহৰ ক্ষেত্ৰতো ইজনৰ পৰা আনজনলৈ সংক্ৰমণ হ'ব পাৰে ।

২০০৪ চনত, মধ্য আফ্ৰিকাৰ এংগোলাত মাৰ্বাৰ্গ ভাইৰাছৰ সৰ্বাধিক আৰু ভয়ংকৰ সংক্ৰমণ হৈছিল (Marburg virus disease largest outbreak in Angola)। য'ত মৃত্যুৰ হাৰ আছিল ৯০ শতাংশ । সংক্ৰমিত ২৫২ গৰাকী লোকৰ ভিতৰত ২২৭ গৰাকী আক্ৰান্তৰে মৃত্যু হৈছিল ।

ইয়াৰ পাছত প্ৰায় ১৮ বছৰৰ অন্তত পুনৰ এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছে । যোৱা জুলাই মাহত পশ্চিম আফ্ৰিকাৰ ঘানাৰ এক ভিতৰুৱা অঞ্চল আশান্তিত মাৰ্বাৰ্গ ভাইৰাছ সংক্ৰমণৰ দুটা ঘটনা পোহৰলৈ আহিছিল (Marburg virus outbreak in Ghana)।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই ভাইৰাছ বিয়পাৰ আশংকা ৰাষ্ট্ৰীয় পৰ্যায়ত অতি বেছি আৰু বিশ্ব স্তৰত সংক্ৰমণৰ আশংকা অতি কম । অৱশ্যে, এই প্ৰাদুৰ্ভাৱ আন দেশলৈ বিয়পি পৰাৰ আশংকা আছে কিয়নো মাৰ্বাৰ্গ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত প্ৰথম জন ৰোগীয়ে লক্ষণ আৰম্ভ হোৱাৰ কেইদিনমান পূৰ্বে ঘানাৰ পশ্চিম অঞ্চলৰ পৰা আশান্তি অঞ্চললৈ যাত্ৰা কৰিছে । ইবোলা ভাইৰাছৰ দৰে মাৰ্বাৰ্গ ভাইৰাছত সংক্ৰমিত লোকৰ শাৰীৰিক তৰলৰ জৰিয়তে এজনৰ পৰা আনজনলৈ বিয়পে (Marburg virus transmissions)।

সেয়েহে, সংক্ৰমিত ব্যক্তিজনৰ চিকিৎসাৰ সময়ত ৰোগীৰ পৰিয়ালৰ সদস্য আৰু স্বাস্থ্য কৰ্মী সংক্ৰমিত হোৱাৰ আশংকা থাকে । কিয়নো মাৰ্বাৰ্গ ভাইৰাছৰ ইনকিউবেচন ম্যাদ ৩ সপ্তাহলৈকে হ'ব পাৰে (Incubation period of Marburg virus)। আন্তৰ্জাতিক ভ্ৰমণে বিশ্বব্যাপী এই ভাইৰাছৰ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে । ৰোগটোৰ ফলত মৃত্যুৰ হাৰ বেছি বাবে মহামাৰী আৰু মুখ্য ৰাজহুৱা স্বাস্থ্যৰ ভাবুকিৰ সম্ভাৱনাও আহিব পাৰে ।

লক্ষণীয়ভাৱে মাৰ্বাৰ্গ ভাইৰাছৰ বাবে বৰ্তমান কোনো নিৰ্দিষ্ট ভেকছিন বা এণ্টিভাইৰেল চিকিৎসাক অনুমোদন জনোৱা হোৱা নাই (No specific vaccines for Marburg virus)। কোনো থেৰাপি চিকিৎসাও ওলোৱা নাই, যাৰ বাবে মৃত্যুৰ হাৰ বেছি নহ'লেও ভৱিষ্যতে প্ৰাদুৰ্ভাৱ আৰু মহামাৰীৰ আশংকা বৃদ্ধি পাব পাৰে ।

সেয়েহে, মাৰ্বাৰ্গ ৰোগ আৰু এই ভাইৰাছৰ ফলত মহামাৰী প্ৰতিৰোধৰ উপায়বোৰ জৰুৰীভাৱে বিবেচনা কৰাটো অত্যাৱশ্যকীয় (Marburg virus disease treatment)। মাৰ্বাৰ্গ ভাইৰাছৰ বিৰুদ্ধে ভেকছিন প্ৰস্তুত কৰিব লাগিব আৰু ভাইৰাছৰ বাবে নিৰ্দিষ্ট এণ্টিভাইৰেল প্ৰস্তুত কৰিব লাগিব । সকলো দেশৰ চৰকাৰে তেওঁলোকৰ নাগৰিকসকলৰ বাবে মাৰ্বাৰ্গ ভাইৰাছ ৰোগৰ বাবে থেৰাপিউটিক্সৰ উপলব্ধতা নিশ্চিত কৰা উচিত ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ঘানাৰ তিনিটা অঞ্চলত (আশান্তি, চাভানা আৰু পশ্চিম অঞ্চল) অধিক সংক্ৰমণ প্ৰতিহত কৰিবলৈ তৎক্ষণাৎ ব্যৱস্থা লোৱা উচিত । য'ত ইতিমধ্যে সংক্ৰমিত লোক দুজনৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰা হৈছে । ঘানাৰ এই প্ৰভাৱিত অঞ্চলবোৰত ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিলে বিশ্বব্যাপী সংক্ৰমণৰ আশংকা কমিব পাৰে ।

ইয়াৰ উপৰিও, মাৰ্বাৰ্গ ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ আৰু বাদুলিৰ পৰা মানৱ আৰু মানৱ পৰা মানৱ সংক্ৰমণৰ বিপদাশংকা সম্পৰ্কে সাধাৰণ লোকৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে বিশ্বব্যাপী ব্যৱস্থা লোৱা অতি প্ৰয়োজন । এই ক্ষেত্ৰত গণ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন সজাগতামূলক কাৰ্যসূচী আৰম্ভ কৰাটো লাভজনক হ'ব । ভৱিষ্যতে মাৰ্বাৰ্গ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু সাম্ভাব্য মহামাৰী প্ৰতিহত কৰিবলৈ বিশ্বব্যাপী লোকসকলক আগতীয়াকৈ সজাগ কৰাটো অত্যাৱশ্যকীয় ।

লগতে পঢ়ক :কেলিফৰ্ণিয়াত হত্যা এটা শিখ পৰিয়ালক: দীৰ্ঘদিনীয়া বিবাদৰ পৰিণতিতে পৰিয়ালটোক হত্যাৰ সন্দেহ

ABOUT THE AUTHOR

...view details