নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ :মাওবাদীয়ে আহ্বান কৰা ভাৰত বন্ধৰ প্ৰভাৱ কিছু পৰিমাণে ঝাৰখণ্ডত দেখা গৈছে । ইয়াৰ মাজতে ঝাৰখণ্ডৰ চাইবাছাত মাওবাদীয়ে ৰে'লপথত বিস্ফোৰণ সংঘটিত কৰে । যাৰ ফলত হাওৰা-মুম্বাই মুখ্য পথত ৰে'ল সেৱা স্থবিৰ হৈ পৰিছে । জানিব পৰা মতে ঘটনাটো গোৱেলকেৰা আৰু পোচাইটা ষ্টেচনৰ মাজত সংঘটিত হৈছে ।
আৰক্ষী সূত্ৰৰ মতে মাওবাদীয়ে বৃহস্পতিবাৰে মাজনিশা প্ৰায় ১২.৩০ বজাত গোৱেলকেৰা আৰু পোচাইটা ষ্টেচনৰ মাজত বোমা বিস্ফোৰণ সংঘটিত কৰে । ফলস্বৰূপে ৰে'লপথটো ক্ষতিগ্ৰস্ত হয় । এই ঘটনাৰ পাছত মাওবাদীয়ে উক্ত স্থানত পোষ্টাৰ আৰু বেনাৰো আঁৰি দিয়ে । ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে চক্ৰধৰপুৰ ৰে'ল বিভাগত বিশৃংখলতাৰ সৃষ্টি হয় আৰু ৰে'লৰ চলাচল বন্ধ কৰি দিয়া হয় ।
উল্লেখ্য যে মাওবাদীয়ে ১৬ ৰ পৰা ২২ ডিচেম্বৰলৈ 'প্ৰতিৰোধ সপ্তাহ' পালন কৰিছে । ইয়াৰ লগত সংগতি ৰাখিয়ে এই ঘটনাটো সংঘটিত কৰা হৈছে বুলি অনুমান কৰা হৈছে । বিস্ফোৰণটোৰ পাছত ১৮০৩০ নম্বৰৰ শালিমাৰ-কুৰ্লা উজনি এক্সপ্ৰেছ ৰে'লখন মহাদেৱশাল ষ্টেচনত ৰখাই দিয়া হয় । পাছত, ৰে'লখন গোৱেলকেৰা ৰে'ল ষ্টেচনলৈ স্থানান্তৰ কৰা হয় । কেৱল এয়াই নহয়, মাওবাদীয়ে দেৰাৱা ষ্টেচনৰ ওচৰত এখন বেনাৰ লগায় । বেনাৰখন টাটা-ইতৱাৰী যাত্ৰীবাহী ৰে'লখনৰ ইঞ্জিনত লাগি আঁতৰি যায় । যাৰ বাবে কোনেও এই বিষয়ে গম নাপালে ।
উল্লেখ্য যে মাওবাদীয়ে ২২ ডিচেম্বৰত অৰ্থাৎ আজি ভাৰত বন্ধৰ আহ্বান জনাইছে । ইয়াৰ পূৰ্বেও, মাওবাদীয়ে ভাৰত বন্ধৰ আহ্বান জনাই পোষ্টাৰ আৰু বেনাৰ আদি লগাইছিল ।
লগতে পঢ়ক :গঁড়ৰ খৰ্গই নহয়, চেঙেলি মাছৰো আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত আছে ভাল দৰ