অসম

assam

ETV Bharat / bharat

Maoist Commander Arrested in Jharkhand : ঝাৰখণ্ডত ১০ লাখ পুৰস্কাৰ থকা মাওবাদী কমাণ্ডাৰক গ্ৰেপ্তাৰ - most wanted maoist Arvind Bhuiya arrested

জেৰাৰ সময়ত অৰবিন্দই নিৰাপত্তা বাহিনীক মাওবাদী সংগঠনবোৰৰ বিষয়ে অৱগত কৰে । তাৰ পিছত নিৰাপত্তাৰক্ষীসকলে ঝাৰখণ্ড-বিহাৰ সীমান্তত তালাচী অভিযান আৰম্ভ কৰে ।

maoist arrested
maoist arrested

By

Published : Jun 26, 2023, 8:17 PM IST

নিউজ ডেস্ক, ২৬ জুন :ঝাৰখণ্ডত শীৰ্ষ মাওবাদী কমাণ্ডাৰ গ্ৰেপ্তাৰ । চৰকাৰী সূত্ৰই জনোৱা মতে, মাওবাদী কমাণ্ডাৰজনৰ মূৰৰ মূল্য ১০ লাখ টকা ঘোষণা কৰা আছিল । তেওঁৰ বিৰুদ্ধে শতাধিক আক্ৰমণৰ অভিযোগ আছিল । সোমবাৰে ঝাৰখণ্ড-বিহাৰ সীমান্তত বিহাৰৰ নিৰাপত্তা বাহিনীয়ে মাওবাদীটোক গ্ৰেপ্তাৰ কৰে । মাওবাদীটোক অৰবিন্দ ভূইয়া ওৰফে মুখীয়া বুলি চিনাক্ত কৰা হৈছে । অভিযুক্ত মাওবাদীটো বিহাৰৰ গয়া জিলাৰ ছালাইয়া আৰক্ষী থানাৰ অন্তৰ্গত বিৰাজ গাঁৱৰ বাসিন্দা বুলি সূত্ৰত প্ৰকাশ ।

চৰকাৰী সূত্ৰ অনুসৰি, আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীয়ে অৰবিন্দৰ পৰা একে ৪৭-কে ধৰি আধুনিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে । ইয়াৰ পূৰ্বে ঝাৰখণ্ড চৰকাৰে অৰবিন্দ ভূইয়াৰ ওপৰত ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল । জেৰাৰ সময়ত অৰবিন্দই নিৰাপত্তা বাহিনীক মাওবাদী সংগঠনবোৰৰ বিষয়ে বহু কথা অৱগত কৰে বুলি প্ৰকাশ । তাৰ পিছতে সুৰক্ষাকৰ্মীসকলে ঝাৰখণ্ড-বিহাৰ সীমান্তত তালাচী অভিযান আৰম্ভ কৰে ।

আৰক্ষীৰ সূত্ৰ মতে, অৰবিন্দই ঝাৰখণ্ড আৰু বিহাৰত শতাধিক আক্ৰমণৰ ঘটনা সংঘটিত কৰেছে । ঝাৰখণ্ডৰ পালামু, গড়ৱা, লাতেহাৰ, চাত্ৰা, হাজৰিবাগ আৰু বিহাৰৰ গয়া আৰু ঔৰঙ্গাবাদত কেইবাটাও আক্ৰমণ সংঘটিত কৰাৰ বাবে অৰবিন্দৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে । ৩০ জনতকৈও অধিক সৈনিক শ্বহীদ হোৱাৰ ঘটনাতো অৰবিন্দ জড়িত হৈ আছে বুলি আৰক্ষী সূত্ৰই জনাইছে ।

উল্লেখ্য, ২০১৬ চনত বিহাৰৰ গয়া-ঔৰঙ্গাবাদ সীমান্তত মাওবাদীবিৰোধী অভিযানৰ সময়ত কোব্ৰা জোৱানসকলক আক্ৰমণ কৰা ঘটনাত অৰবিন্দ জড়িত আছিল । আনহাতে, ২০১০-১১ বৰ্ষত পালামুৰ মানাতু আৰক্ষী থানা এলেকাত তদানীন্তন এছপিক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল । উক্ত আক্ৰমণত পালামুৰ এছপি কথমপি ৰক্ষা পৰে যদিও আক্ৰমণটোত দুজন সৈনিক শ্বহীদ হয় । ইয়াৰ উপৰি ২০০৮-০৯ চনত পালামুৰ মানাতু আৰক্ষী থানা অঞ্চলত লেণ্ড মাইন বিস্ফোৰণত চাৰিজন আৰক্ষী জোৱান নিহত হৈছিল । অৰবিন্দ এনে ধৰণৰ বহুতো ঘটনাত জড়িত হৈ আছে বুলি আৰক্ষী সূত্ৰই জনায় ।

ঝাৰখণ্ডৰ পালামু চাত্ৰা আৰু বিহাৰৰ গয়া অঞ্চলত অৰবিন্দ চিপিআই সমৰ্থিত মাওবাদীৰ মেৰুদণ্ড আছিল । ৩ এপ্ৰিলত পালামু চাত্ৰা সীমান্তত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত শীৰ্ষ পাঁচজন মাওবাদী কমাণ্ডাৰ নিহত হয় । তাৰ পিছৰ পৰা অৰবিন্দই পালামু, চাত্ৰা আৰু গয়া সীমান্তৰ নেতৃত্ব চম্ভালি আছিল । ২০২২ চনৰ জুন মাহত ছকৰবন্ধাত চলোৱা তালাচী অভিযানত অৰবিন্দই এটা পৃথক দল লৈ পলাই গৈছিল । তেতিয়াৰে পৰা তেওঁ নিৰন্তৰভাৱে বিহাৰৰ গয়াৰ পালামু, মানতু আৰু ছালাইয়াৰ অৰণ্যত তেওঁ আত্মগোপন কৰি আছিল বুলিও সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক :Motihari encounter : নেপাল সীমান্তত আৰক্ষী আৰু ডকাইতৰ সংঘৰ্ষ

For All Latest Updates

ABOUT THE AUTHOR

...view details