নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ : ঝাৰখণ্ডৰ ধনবাদত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ দেওবাৰে গণ্ডুডিহ কলিয়াৰীত থকা আউটচৰ্চিং কোম্পানীৰ ওচৰত এই ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাটোত তিনিগৰাকী মহিলা মাটিৰ তলত আৱদ্ধ হৈ সমাধিস্থ হয় ৷ বি চি চি এল পৰিচালনা আৰু প্ৰশাসনৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি গণ্ডুডিহ কান্তা ঘৰৰ পৰা গণ্ডুডিহ খনিলৈ যোৱাৰ পথত এটা ডাঙৰ শব্দৰ সৃষ্টি হয় ৷ লগে লগে এই শব্দ শুনি স্থানীয় লোকসকল আতংকিত হৈ পৰে ৷ এই ঘটনাৰ পিচতে তিনিগৰাকী মহিলা সমাধিস্থ হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ এই ঘটনাৰ খবৰ লাভ কৰি বিচিচিএল মেনেজমেণ্ট আৰু চিআইএছএফ চিটি ঘটনাস্থলীত উপস্থিত হৈছে ৷ সম্প্ৰতি বিচিচিএলৰ লোকে তিনিগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷ এই ঘটনাৰ পিচতে স্থানীয় লোকসকলে তিবাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
ঘটনাস্থলীত ধনবাদৰ চিঅ' প্ৰশান্ত লিয়াক উপস্থিত হৈ কয় যে, এই ঘটনাত তিনিগৰাকী মহিলা আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে ৷ তেওঁলোকক উদ্ধাৰ কৰিবলৈ বিচিচিএলে প্ৰচেষ্টা চলাইছে ৷ ভুমিস্খলনত আৱদ্ধ হোৱা তিনিগৰাকী মহিলা চোটকি বাউয়া বস্তিৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ তিনিগৰাকী মহিলাৰ নাম পৰলা দেৱী, থান্ধি দেৱী আৰু মণ্ডৱা দেৱী ৷