অসম

assam

ETV Bharat / bharat

Avalanche in Sikkim: ছিকিমৰ হিমস্খলনত 7 পৰ্যটকৰ মৃত্যু, শতাধিক পৰ্যটক আৱদ্ধ - হিমস্তুপত শতাধিক পৰ্যটক আৱদ্ধ

ছিকিমৰ চাংগামো হ্ৰদৰ সমীপৰ 14 মাইলৰ জে এন ৰোডত হিমস্খলনৰ ঘটনা সংঘটিত হৈছে (Avalanche in Sikkim)৷ এই হিমস্খলনত এতিয়ালৈ 7 জন পৰ্যটকৰ মৃত্যু (Several people died in Sikkim Avalanche) হোৱাৰ পৰিৱৰ্তে শতাধিক লোক হিমস্তূপত আৱদ্ধ হৈ আছে (Over hundred trapped under snow) ৷

7 die, over hundred trapped under snow in sudden Avalanche in Sikkim
ছিকিমৰ হিমস্খলনত 7 পৰ্যটকৰ মৃত্যু

By

Published : Apr 4, 2023, 5:55 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিল: ছিকিমৰ মঙলবাৰে শোকাৱহ ঘটনা (Avalanche in Sikkim) ৷ মঙলবাৰে বিয়লি ছিকিমৰ ৰাজধানী গেংটকৰ পৰা 28 কিলোমিটাৰ দূৰত পূব ছিকিমৰ চাংগামো হ্ৰদৰ সমীপৰ 14 মাইলৰ জে এন ৰোডত হিমস্খলন সংঘটিত হয় । এই হিমস্খলনৰ ফলত পৰ্যটক ভৰ্তি কেইবাখনো গাড়ী খাৱৈত বাগৰি পৰে । লগে লগে অঞ্চলটোত আতংকিত পৰিৱেশৰ সৃষ্টি হয় ৷

এই ঘটনাৰ লগে লগে ঘটনাস্থলীত ভাৰতীয় সেনা, ছিকিম আৰক্ষী, দুৰ্যোগ সঁহাৰি দল আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠন উপস্থি হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । উদ্ধাৰকাৰী দলে ইতিমধ্যে 7 জন পৰ্যটকক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে কেইবাজনো পৰ্যটকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰি গেংটকৰ চিকিৎসালয়ত ভৰ্তি কৰাইছে (Several people died in Sikkim Avalanche) ৷ জানিব পৰা মতে এতিয়ালৈ হিমস্তূপত শতাধিক পৰ্যটক আৱদ্ধ হৈ আছে (Over hundred trapped under snow)৷

সেনাৰ বিবৃত্তি অনুসৰি , বিয়লি 3 বজালৈ, 14 জন পৰ্যটকক উদ্ধাৰ কৰা হয় ৷ উদ্ধাৰ কৰা পৰ্যটককেইগৰাকীক সেনা চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷ অৱশ্যে ইয়াৰ সাতজন ব্যক্তিয়ে মৃত্যুবৰণ কৰে । আন সাতজন লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে স্থানান্তৰিত কৰা হৈছে ৷

সীমান্ত পথ সংস্থাৰ (Border Roads Organization) (বিআৰঅ') এক প্ৰেছ বিবৃত্তি অনুসৰি, মঙলবাৰে প্ৰায় 12.15 বজাত জেএনএম পথৰ 14 মাইলত হঠাতে হোৱা হিমস্খলনত ভালেসংখ্যক পৰ্যটক আৱদ্ধ হৈ পৰে । এগৰাকী মহিলাক বৰফৰ তলত পোত খাই থকা অৱস্থাত 1.5 ঘণ্টাৰ পিচত উদ্ধাৰ কৰা হৈছিল ৷ তেওঁক বৰ্তমান এছটিএনএম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰ উপৰিও পথৰ পৰা বৰফ আঁতৰোৱাৰ কৰাৰ পিচত 350 জন আৱদ্ধ পৰ্যটক আৰু 80 খন বাহন উদ্ধাৰ (80 vehicles rescued) কৰা হৈছে ৷

উল্লেখ্য যে, চাংমো হ্ৰদ ছিকিমৰ এক বিখ্যাত পৰ্যটনস্থলী। ইয়াৰ উপৰিও, শেহতীয়াকৈ সঘনাই হোৱা তুষাৰপাতৰ বাবে, সেই পৰ্যটন ক্ষেত্ৰবোৰত যথেষ্ট বৰষুণ হৈছিল। এই ঘটনাই ছিকিম প্ৰশাসনক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে।

এই ঘটনাৰ পিচতেই ভাৰতীয় সেনাৰ কৰ্ণেল অঞ্জন কুমাৰ বসুতাৰীয়ে (Colonel Anjan Kumar Vasutari) কয় যে, "ভাৰতীয় সেনাৰ পাঁচটা দল ইতিমধ্যে উদ্ধাৰ সামগ্ৰী সহ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে । তেওঁলোকে উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে ।"

স্মৰ্তব্য যে, শেহতীয়া তুষাৰপাতত বহুতো পৰ্যটক নাথুলা আৰু চাংগু হ্ৰদৰ ওচৰত আৱদ্ধ হৈ পৰিছিল । সেনাই অপাৰেচন হিমৰাহাতৰ জৰিয়তে তাত পৰ্যটকসকলক উদ্ধাৰ কৰে । তাৰ পিচতেই প্ৰায় 1500 পৰ্যটক বৰফত আৱদ্ধ হৈছিল পৰৱৰ্তী সময়ত পৰ্যটকসকলক ভাৰতীয় সেনাৰ প্ৰচেষ্টাত উদ্ধাৰ কৰা হৈছিল ।

লগতে পঢ়ক:Indigo Flight Emergency Landing : তেলেংগানা বিমানবন্দৰত জৰুৰী অৱতৰণ ইণ্ডিগো বিমানৰ

ABOUT THE AUTHOR

...view details