অসম

assam

ETV Bharat / bharat

বোমাৰে উৰুৱাই দিয়া হ’ব বেংগালুৰুৰ 15 খন বিদ্যালয়; ই-মেইল যোগে প্ৰেৰণ ভাবুকি বাৰ্তা - বিদ্যালয়ত সংস্থাপন কৰা হৈছে বোমা

বেংগালুৰুৰ 15 খন বিদ্যালয়লৈ আহিছে বোমাৰ ভাবুকি । 15 বিদ্যালয়ত সংস্থাপন কৰা হৈছে বোমা ৷ 15 খন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ ই-মেইলযোগে এই বাৰ্তা প্ৰেৰণ কৰিছে দুষ্কৃতিকাৰীয়ে (Bengaluru schools receives bomb threat message)। কোনে, কিয় এই বিদ্যালয়কেইখনত বোমা সংস্থাপন কৰিছে জানিব পৰা হোৱা নাই ৷

Etv BharatBengaluru schools receives bomb threat message
বেংগালুৰুৰ 15 খন বিদ্যালয়লৈ আহিছে বোমাৰ ভাবুকি

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 12:36 PM IST

বেংগালুৰুৰ 15 খন বিদ্যালয়লৈ আহিছে বোমাৰ ভাবুকি

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ :কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত হঠাতে সৃষ্টি হৈছে এক হুৱাদুৱা পৰিৱেশৰ ৷ কিয়নো শুকুৰবাৰে পুৱা প্ৰায় 6:30 বজাত বেংগালুৰুৰ বিভিন্ন অঞ্চলৰ প্ৰায় ১৫ খন বিদ্যালয়লৈ বোমা বিস্ফোৰণ কৰাৰ ভাবুকি ৷ বিদ্যালয়কেইখনৰ প্ৰশাসনিক বিষয়ালৈ ই-মেইলযোগে আহিছে এই ভাবুকি ৷

বাসৱেশ্বৰ নগৰৰ নেশ্যনেল, বিদ্যাশিল্প, এন পি এছ, কাৰ্মেল স্কুল আৰু হেব্বাগোডীৰ এবেনিজাৰকে ধৰি ১৫খন বিদ্যালয়ে ভাবুকিমূলক বাৰ্তা লাভ কৰিছে । বিদ্যালয়কেইখনৰ কৰ্তৃপক্ষই এই বাতৰি লাভ কৰাৰ পাচতে সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ ৷ খবৰ দিয়া হয় আৰক্ষী আৰু বোমা বিশেষজ্ঞক ৷

ইফালে বোমাৰ ভাবুকি বাৰ্তা লাভ লগে লগে বিদ্যালয়ৰ পৰা পঠিয়াই দিয়া হয় শিক্ষাৰ্তীসকলৰ লগতে বিদ্যালয় কৰ্তৃপক্ষক ৷ ই-মেইলত অহা বাৰ্তা অনুসৰি, বেংগালুৰুৰ বিভিন্ন অঞ্চলৰ প্ৰায় ১৫ খন বিদ্যালয়লত বোমা সংস্থাপন কৰা হৈচে ৷ এই বোমাকেইটা যিকোনো মুহূৰ্ততে বিস্ফোৰিত হ’ব পাৰে ৷ এই বাতৰি লাভ কৰি স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰে শিক্ষাৰ্থীসকলৰ পিতৃ-মাতৃয়েও ৷ তথ্য অনুসৰি, প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে সম্পূৰ্ণৰূপে খালী কৰা হৈছে বিদ্যালয়কেইখন ৷

জানিব পৰা মতে, ইতিমধ্যে ভাবুকি পোৱা 15 খন বিদ্যালয়ো পৰিদৰ্শন কৰিছে আৰক্ষী বিষয়াসকলে । আৰক্ষীয়ে উল্লেখ কৰা মতে, বিগত বছৰো অচিনাক্ত লোকৰ পৰা একেধৰণৰ এক ভাবুকিপূৰ্ণ ফোন আহিছিল । গুৰুত্বসহকাৰে লোৱা হৈছে এই বিষটো ।

এই বোমা বিস্ফোৰণৰ ভাবুকিৰ ই-মেইলটো পৰীক্ষা কৰিবলৈ চিআইডিৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে । ইফালে অভিভাৱক আৰু শিক্ষাৰ্থীসকলে চিন্তা কৰিব নালাগে বুলি মন্তব্য কৰিছে ৰাজ্যখনৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰে । পৰমেশ্বৰে এই বিষয়ে প্ৰতিটো তথ্য বাংগালুৰু চহৰৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দ আৰু বঙাইগাঁও গ্ৰাম্য জিলা আৰক্ষী অধীক্ষকৰ পৰা লৈ আছে ।

বেংগালুৰু চহৰৰ আৰক্ষী আয়ুক্ত দয়ানন্দৰ টুইট :

বেংগালুৰু চহৰৰ কিছু বিশেষ বিদ্যালয়ে আজি পুৱা ‘বোমা বিস্ফোৰণৰ ভাবুকি’ লাভ কৰিছে ৷ বোমা বিশেষজ্ঞক এই বিষয়টো তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক :ৰখাই থোৱা ট্ৰাকত খুন্দিয়ালে দ্ৰুতবেগী ভানে, কেইবাজনো লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details