নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ :শনিবাৰে মাজ নিশা উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । মিৰ্জাপুৰত এখন চাৰি চকীয়া বাহন আৰু ট্ৰেইলৰৰ মাজত সংঘৰ্ষ হয় ৷ ফলত চাৰিজন লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । ইফালে উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন লোক । আৰক্ষীয়ে আহত দুয়োকে চিকিৎসাৰ বাবে ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰে ৷
শনিবাৰে মাজ নিশা আদলহাট আৰক্ষী থানাৰ ছিকিয়াত অৱস্থিত পেট্ৰ’ল পাম্পৰ সমীপতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি, এখন চাৰিচকীয়া বাহনত বিবাহ অনুষ্ঠানৰ পৰা ঘৰৰ অভিমুখে উভতি আহি আছিল কেবাজনো লোক ৷ তেনেতে চাৰিচকীয়া বাহনখনৰ সৈতে এখন ট্ৰেইলৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাটো চাৰিচকীয়া বাহনখন বেয়াকৈ ক্ষতিসাধন হয় ।
তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ খবৰ দিয়া হয় আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা লোকলসকল উদ্ধাৰৰ ব্যৱস্থা কৰে ৷ আৰক্ষীৰ তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা চাৰিচকীয়া বাহনখনত মুঠ ৭ জন লোক আছিল ।