নিউজ ডেস্ক, ১২ জুলাই:মহাৰাষ্ট্ৰত মঙলবাৰে নিশা দুটাকৈ পৃথক স্থানত সংঘটিত দুটা ভয়াবহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷ মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ সপ্তশ্ৰুঙ্গী গড়ৰ পৰা এখন যাত্ৰীবাহী বাছ ৪০০ ফুট গভীৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত এগৰাকী মহিলা যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন ১৮ জন যাত্ৰী গুৰুতৰভাৱে আহত হয় ।
প্ৰাথমিক তথ্য মতে, দুৰ্ঘটনাগ্ৰস্ত বাছখনত ২০ ৰ পৰা ২৫ জন যাত্ৰী আছিল । বাছখন সপ্তশ্ৰুঙ্গি গড়ৰ পৰা খামগাওঁ অভিমুখে গৈ থকা সময়তে গণপতি পইন্ট ঘাটৰ খাৱৈত পৰে ৷ এই দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলৰ লগতে সপ্তশ্ৰুঙ্গি দেৱী ট্ৰাষ্টৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ আহতসকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷
ইফালে এই দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে নাছিকৰ অভিভাৱক মন্ত্ৰী দাদা ভূছে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে । অভিভাৱক মন্ত্ৰী দাদা ভুছেয়ে আহতসকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে ।