অসম

assam

ETV Bharat / bharat

Samastipur Road Accident : অনিয়ন্ত্ৰিত বাহনে মহতিয়ালে একেলগে 15 জন লোকক - সমস্তীপুৰ সদৰ চিকিৎসালয়

বিহাৰৰ সমস্তীপুৰত অঘটন ৷ এখন অনিয়ন্ত্ৰিত বলেৰ’ বাহনে মহতিয়ালে একেলগে 15 জন লোকক (Road Accident at Samastipur) ৷ আহত আটাইকেইজন বৰ্তমান সমস্তীপুৰ সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

Samastipur Road Accident
অনিয়ন্ত্ৰিত বাহনে মহতিয়ালে একেলগে 15 জন লোকক

By

Published : Nov 28, 2022, 9:05 PM IST

নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ :বিহাৰৰ সমস্তীপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Samastipur Road Accident) । ৰ’খড়াৰ মূলপথ চোৱাত এখন বলে’ৰ’ বাহনে একোলগে ৰৈ থকা 15 জন লোকক খুন্দা মাৰে ৷ ইয়াৰে 9 জন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ বাকী কেইজন লোকো এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ৷

আহত আটাইকে চিকিৎসাৰ বাবে সমস্তীপুৰ সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আনহাতে, ইয়াৰে আহত তিনিজন লোকক উন্নত চিকিৎসাৰ বাবে ৰাজধানী পাটনালৈ প্ৰেৰণ কৰা হৈছে । জানিব পৰা মতে, আহত আটায়ে সমস্তীপুৰতো লোক দেৱতা ভূঞা বাবাক পূজা কৰিবলৈ গৈ আছিল ।

সমস্তীপুৰত পূজাত অনিয়ন্ত্ৰিত ব’লেৱে একলগে মহতিয়ালে 15 জন লোকক : মুফস্সিল থানাৰ অন্তৰ্গত জিতৱাৰপুৰৰ কহ্নৌয়া চ’কৰ সমীপত লোক দেৱতা ভূঞা বাবাৰ পূজা কৰিবলৈ একত্ৰিত হৈছিল বহু লোক ৷ তেনে সময়তে হঠাৎ দ্ৰুত বেগত আহে এখন বলেৰ’ বাহন ৷ এই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পূজা কৰি থকা লোকক খুন্দিয়ায় ৷ এই দুৰ্ঘটনাতে আহত হয় 15 জন লোক (Many people injured in a Road Accident at Samastipur) ৷

অনিয়ন্ত্ৰিত বাহনে মহতিয়ালে একেলগে 15 জন লোকক

সমস্তীপুৰ সদৰ চিকিৎসালয়ত আহতসকলক চিকিৎসা : এই দুৰ্ঘটনাত আহত হয় 15 জন লোক ৷ আহত নীতু কুমাৰী, সত্যম কুমাৰী, ৰীনা দেৱী, ৰীনা চৌধুৰী, নিশা কুমাৰী, জগদীশ মহতো জিতৱাৰপুৰ কানহাই চ’কৰ বাসিন্দা বুলি জানিব পৰা গৈছে । এওলোকৰ উপৰিও এই দুৰ্ঘটনাত আহত হয় গুডিয়া কুমাৰী, পাটেপুৰ, আশা দেৱী সাহদৈ বৈশালী, ৰাজা চৌধুৰী মহুৱা, অমৰজীত কুমাৰ তাজপুৰ ৷

বলেৰ’ চালকক গ্ৰপ্তাৰ :এই দুৰ্ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ স্থানীয় লোকৰ সহযোগত আৰক্ষীৰ দলটো ইতিমধ্যে আটক কৰে বলেৰ’ৰ চালকজনক ৷

লগতে পঢ়ক :BBC Journalist Arrested : চীনত বিবিচিৰ সাংবাদিকক প্ৰহাৰ কৰি গ্ৰেপ্তাৰৰ অভিযোগ

ABOUT THE AUTHOR

...view details