অসম

assam

ETV Bharat / bharat

Children fall ill after eating chaat and chowmein : চাট আৰু চাউমিন খাই অসুস্থ ২৪ গৰাকী শিশু - Food Poisoning case in Deoghar

চাট আৰু চাউমিন খোৱাৰ পাছতে অসুস্থ প্ৰায় ২৪ গৰাকী শিশু । অসুস্থ শিশু আৰু আন আন লোকসকলক সৰথ চিএইচচিত ভৰ্তি কৰোৱা হয় । স্থানীয় বিধায়কে হাস্পতালত উপস্থিত হৈ অসুস্থসকলৰ স্বাস্থ্যৰ বুজ লয় ।

Children fall ill after eating chaat and chowmein
চাট আৰু চাউমিন খাই অসুস্থ ২৪ গৰাকী শিশু

By

Published : Aug 18, 2023, 5:10 PM IST

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট :ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ ঘটনা । মনসা পূজাৰ মেলাত চাট আৰু চাউমিন খাই অসুস্থ ২৪ গৰাকীকৈ শিশু । বৃহস্পতিবাৰে নিশা সৰথ খণ্ডৰ বাউৰী টোলাত এই ঘটনা সংঘটিত হয় । লগে লগে শিশুসহ কেইবাজনো লোকক সৰথ চিএইচচিলৈ প্ৰেৰণ কৰা হয় । জানিব পৰা মতে অসুস্থ লোকসকলৰ চিকিৎসা চলি আছে ।

নিশা সৰথ বাউৰী টোলাত মানসা পূজা উপলক্ষে বিশিষ্ট কণ্ঠশিল্পী সতীশৰ এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল । সেই কাৰ্যসূচীলৈ শ শ লোকৰ আগমন হৈছিল । মনসা পূজাৰ লগতে সংগতি ৰাখি এখন মেলাৰো আয়োজন কৰা হৈছিল । য'ত ব্যৱসায়ীসকলে ঠেলাত চাট আৰু চাউমিন আদি বিক্ৰী কৰিছিল । বহু লোকে তাত চাট আৰু চাউমিনৰ জুতি লৈছিল । কিন্তু খোৱাৰ পাছত হঠাতে এজনৰ পাছত আন এজন লোক অসুস্থ হৈ পৰে । লোকসকলে বমি কৰিবলৈ আৰম্ভ কৰে আৰু বহু শিশুকে ধৰি একাংশ লোকো অসুস্থ হ'বলৈ আৰম্ভ কৰে ।

অসুস্থ লোকসকলৰ ভিতৰত ২৪ গৰাকী শিশু আছে । সৰথ চিএইচচিৰ অভিজ্ঞ চিকিৎসক ডাঃ চনু আনন্দ, ডাঃ জিতেন্দ্ৰ কুমাৰ, স্বাস্থ্য কৰ্মীয়ে লোকসকলৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰে । আনহাতে এই তথ্য পোৱাৰ লগে লগে টাউন পুলিচ ষ্টেচনৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেশ কুমাৰৰ লগতে এএছআই বিশাখা বিশ্বকৰ্মা চিএইচচিত উপস্থিত হয় আৰু গোটেই বিষয়টোৰ বিষয়ে সোধা-পোচা কৰে ।

চিকিৎসকে জনোৱা মতে খাদ্যৰ বিষক্ৰিয়াৰ ফলত সকলো লোক অসুস্থ হৈ পৰিছে । চিকিৎসকে কোৱা মতে কিছুমান লোকৰ বিশেষ সমস্যা নাছিল, সেয়েহে তেওঁলোকক ঔষধ দি ঘৰলৈ প্ৰেৰণ কৰা হৈছে । আনহাতে সৰথ সমষ্টিৰ বিধায়ক ৰণধীৰ সিঙেও হাস্পতালখনত উপস্থিত হৈ আক্ৰান্ত লোকসকলৰ স্বাস্থ্যৰ বুজ লয় । গুৰুতৰভাৱে অসুস্থসকলক উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ব বুলিও তেওঁ আশ্বাস দিয়ে ।

লগতে পঢ়ক :Crime Journalist shot dead: বিহাৰত দুৰ্বৃত্তৰ গুলীত নিহত সাংবাদিক

ABOUT THE AUTHOR

...view details