নেশ্যনেল ডেস্ক, 31 অক্টোবৰ :চৰ্চাত গুজৰাটৰ মৰ্বিত মাচু নদীৰ ওপৰত এখন ওলমা দলঙৰ প্ৰসংগ (Morbi suspension bridge)৷ এতিয়াও মাৰ যোৱা নাই উত্তেজনা (Gujarat Bridge Collapse)৷ শেহতীয়া তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া গুজৰাটৰ মৰ্বি চহৰৰ মাচু নদীৰ ওপৰত থকা ওলমা দলংখন ভাঙি পৰাত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে ৷ চৰকাৰী তথ্য অনুসৰি, এই দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা 132 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (132 people died in Gujarat Bridge Collapse Accident) ৷
অৱশ্যে বৰ্তমানলৈকে সন্ধানহীন হৈ আছে বহু লোক ৷ দেওবাৰৰ পৰাই বৰ্তমান পৰ্যন্ত অব্যাহত আছে উদ্ধাৰ অভিযান ৷ এই ঘটনাৰ পাচতেই এতিয়া বিৰোধীৰ সমালোচনাই থকা সৰকা কৰিছে গুজৰাট চৰকাৰক ৷ উল্লেখ্য যে, দেওবাৰে নিশাৰ পৰাই বৰ্তমান পৰ্যন্ত এই উদ্ধাৰ অভিযানত এন ডি আৰ এফৰ পাঁচটা দল, এছডিআৰএফৰ ছয়টা দল, বায়ু সেনাৰ এটা দল, সেনাৰ দুটা স্তম্ভ আৰু স্থানীয় উদ্ধাৰকাৰী দলৰ উপৰিও ভাৰতীয় নৌসেনাৰ দুটা দল জড়িত আছে ।
গুজৰাটৰ মৰ্বি চহৰৰ মাচচু নদীৰ ওপৰত থকা ওলমা দলং দুৰ্ঘটনাৰ তদন্ত সন্দৰ্ভত পাঁচজনীয়া উচ্চ ক্ষমতাসম্পন্ন এখন সমিতি গঠন কৰা হৈছে ৷ জানিব পৰা মতে, এই সমিতিখনত পথ আৰু ভৱন বিভাগৰ সম্পাদক সন্দীপ ভাসাভা আৰু আন চাৰিজন জ্যেষ্ঠ বিষয়া অন্তৰ্ভুক্ত আছে । এই ঘটনা সন্দৰ্ভত ৩০৪, ৩০৮ আৰু ১১৪ ধাৰাৰ অধীনত দাখিল কৰা হৈছে এখন এজাহাৰ ৷
আনহাতে, গুজৰাটৰ ওলমা দলং দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা মৃতকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে সাহাৰ্য ঘোষণা কৰিছে ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা নিহতসকলৰ পৰিয়ালক 2 লাখ টকা, আহতসকলক 50,000 টকাৰ এক তৎকালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে (Gujarat govt declared relief package) ৷