অসম

assam

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 10:43 PM IST

ETV Bharat / bharat

Road accident: উত্তৰাখণ্ডৰ কালি নদীত বাহন বাগৰি 6 জনৰ মৃত্যু

পিথোৰাগড়ৰ ধৰচুলাত খাৱৈত বাগৰিল পিকআপ বাহন । এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যুৰ তথ্য লাভ কৰা হৈছে । আৰক্ষী আৰু এছডিআৰএফৰ দলে উদ্ধাৰ অভিযান চলাই আছে ।

Vehicle fell into ditch in Pithoragarh
Vehicle fell into ditch in Dharchula

নিউজ ডেস্ক, ২৪ অক্টোবৰ: উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী জিলা পিথোৰাগড়ত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । জিলাখনৰ ধৰচুলা অঞ্চলত এখন পিকআপ বাহন খাৱৈত বাগৰি পৰাৰ ঘটনা পোহৰলৈ আহিছে । এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যুৰ তথ্য লাভ কৰা হৈছে । পিথোৰাগড়ৰ আৰক্ষী অধীক্ষক লোকেশ্বৰ সিঙে এই দুৰ্ঘটনা নিশ্চিত কৰিছে । বাহনখনত কিমানজন লোক আছিল সেই সম্পৰ্কে স্পষ্ট তথ্য এতিয়াও প্ৰশাসনৰ হাতত পৰা নাই ।

পিথোৰাগড়ৰ আৰক্ষী অধীক্ষক লোকেশ্বৰ সিঙে কয় যে ধৰচুলা অঞ্চলৰ পাংলাত সংঘটিত হৈছে এই দুৰ্ঘটনা । য'ত UK ০৪ TB ২৭৩৪ নম্বৰৰ বাহনখন গৰাৰে বাগৰি কালি নদীত পৰে গৈ । বিষয়টো সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে SDRF আৰু স্থানীয় আৰক্ষীৰ দলক সেই স্থানলৈ প্ৰেৰণ কৰা হয় । পিকআপ গাড়ীখনত কোন কোন আছিল আৰু কিমানজন লোক আছিল সেই সম্পৰ্কে তথ্য সংগ্ৰহ কৰা হৈছে । উদ্ধাৰ অভিযান চলি আছে । দুৰ্ঘটনাস্থলীত নেটৱৰ্ক সমস্যাৰ বাবে উদ্ধাৰকাৰী দলৰ সৈতে যোগাযোগৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে ।

প্ৰাথমিক তথ্যৰ ভিত্তিত মাথো ক’ব পাৰি যে গাড়ীখন গুঞ্জীৰ পৰা ধৰচুলালৈ গৈ আছিল ৷ কিন্তু পাংলাৰ টাম্পা মন্দিৰৰ সমীপত দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয় বাহনখন । কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো ? এই সন্দৰ্ভত এতিয়াও অহা নাই আৰক্ষীৰ বিবৃতি । বৰ্তমান আৰক্ষীৰ লগতে গাঁওবাসীও উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । পিথোৰাগড় আৰক্ষীৰ তথ্য অনুসৰি গাড়ীখনত ৬ জন লোক আছিল ।নিহত কেইজন হৈছে সত্যব্ৰদ পাৰেদা, নীলালা পানল, মনীষ মিশ্ৰ, প্ৰজ্ঞা, হিমাংশু কুমাৰ আৰু বীৰেন্দ্ৰ কুমাৰ ৷

লগতে পঢ়ক:Accident in TN : পূজাৰ বন্ধ উপভোগ কৰি উভতি আহোঁতে শোকাৱহ দুৰ্ঘটনাত মৃত্যু 7 জনৰ

ABOUT THE AUTHOR

...view details