নেশ্যনেল ডেস্ক,২৯ জুলাই :ঝাৰখণ্ডৰ বোকাৰো জিলাত শোকাৱহ ঘটনা । মহৰমৰ তাজিয়া শোভাযাত্ৰাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ ৪ গৰাকী লোকৰ মৃত্যু । ৬ গৰাকী লোক আহত আৰু তাৰ ভিতৰত ৩ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । চিয়া সম্প্ৰদায়ে মহৰম উপলক্ষ্যে এই তাজিয়া কাৰ্যসূচীৰ আয়োজন কৰিছিল ।
জানিব পৰা মতে বোকাৰো জিলাৰ পেটাৰৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত খেতকো এলেকাত চিয়া সম্প্ৰদায়ৰ দ্বাৰা উলিওৱা হৈছিল তাজিয়া শোভাযাত্ৰা । য'ত বহু লোকে অংশগ্ৰহণ কৰিছিল । শোভাযাত্ৰাত ৰাস্তাৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে একাংশ লোকে প্ৰায় ১১,০০০ ভল্টৰ উচ্চ পৰিবাহী বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহে আৰু শোভাযাত্ৰাত অংশ লোৱা লোকসকলৰ প্ৰায় ১০ গৰাকী বিদ্যুৎস্পৃষ্ট হয় ।
সূত্ৰৰ পৰা জানিব পৰা মতে বিদ্যুৎ যোগানৰ বাবে ষ্টেণ্ডবাইত ৰখা বেটাৰী এটা বিদ্যুৎ পৰিবাহী উচ্চ প্ৰাবল্যৰ তাঁৰৰ সংস্পৰ্শলৈ আহিছিল । ফলত বিস্ফোৰণ হয় আৰু লোকসকল আঘাতপ্ৰাপ্ত হয় । বিদ্যুৎস্পৃষ্ট হোৱাৰ পাছতে তাজিয়া শোভাযাত্ৰাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । শোভাযাত্ৰাত অংশগ্ৰহণ কৰাসকলৰ মাজত বিশৃংখল আৰু আতংকৰ সৃষ্টি হয় ।