নেশ্যনেল ডেস্ক, 21 আগষ্ট :উত্তৰাখণ্ডৰ পাহাৰীয়া জিলা তেহৰীত সংঘটিত হৈছে এক দুৰ্ঘটনা । তেহৰী জিলাৰ চাম্বাত পাৰ্কিং লটৰ ওপৰত পাহাৰৰ পৰা অকস্মাতে ধ্বংসাৱশেষ বাগৰি পৰে । ফলত তাত ৰখাই যোৱা বহু বাহন পোত খাই যায় । এখন গাড়ীত থকা তিনিজন লোকৰ লগতে আৰু এজন লোক ধ্বংসাৱশেষৰ তলত সোমাই যায় । ঘণ্টাৰ পিছত ঘণ্টা ধৰি উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ হৈছে তেওঁলোকৰ মৃতদেহ ।
দৰাচলতে পাহাৰীয়া ঠাইসমূহত অবিৰতভাৱে বৰষুণ দি আছে । ইয়াৰ বাবে বহু ঠাইত পাহাৰৰ পৰা ধ্বংসাৱশেষ পৰি আছে । শেহতীয়াকৈ তেহৰী জিলাৰ চাম্বা পাৰ্কিং লটৰ ওপৰত পাহাৰৰ পৰা বহু ধ্বংসাৱশেষ পৰি ৰখাই থোৱা বাহ পোত খাই যায় । তথ্য অনুসৰি, তেহৰীৰ বাসিন্দা সুমন খাণ্ডুৰীয়ে পত্নী পুনম, চাৰি বছৰীয়া সন্তান আৰু ভগ্নী সৰস্বতীক গাড়ীত এৰি নিজৰ চুইফট গাড়ীখন পাৰ্কিং লটত ৰখাই কাপোৰ কিনিবলৈ চাম্বা বজাৰ অভিমুখে আগবাঢ়ি যায় । সুমন খাণ্ডুৰী গাড়ীৰ পৰা নামি বজাৰৰ ফালে যাওঁতেই লগে লগে পাহাৰৰ পৰা ধ্বংসাৱশেষ পৰিবলৈ ধৰে ৷ সেই ধ্বংসাৱশেষে তেওঁৰ চুইফট গাড়ীখনো হেঁচা মাৰি ধৰে ৷ পাৰ্কিং লটত ৰখাই থোৱা মেক্স আৰু ৪খন দুচকীয়া বাহনো ধ্বংসাৱশেষৰ ফলত তলত সোমাই যায় ।
দুঘটনাত গাড়ীখনত বহি থকা তিনিওৰে লগতে ধ্বংসাৱশেষত প্ৰকাশ নামৰ আৰু এজন ব্যক্তি পোত খোৱাৰ খবৰ আহি পৰে ৷ ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰা হৈছিল । খবৰ পোৱাৰ লগে লগে, বিদ্যুৎ বিভাগে জিলা দণ্ডাধীশৰ নিৰ্দেশনা অনুসৰি ভূমিস্খলন হোৱা এলেকাত তৎক্ষণাৎ বিদ্যুৎ লাইন বন্ধ কৰি দিয়ে । ৰাজহ বিভাগে ভূমিস্খলন হোৱা স্থানৰ ওচৰৰ ঘৰবোৰ খালী কৰি দিয়ে ।