নেশ্যনেল ডেস্ক, 8 অক্টোবৰ: মহাৰাষ্ট্ৰ নাছিকত পুৱাই ভয়ংকৰ অঘটন ৷ আজি অৰ্থাৎ শনিবাৰে পুৱা 8:20 বজাত নাছিক-ঔৰঙ্গাবাদ পথৰ হোটেল চিলি চকত এখন ব্যক্তিগত যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে বাছখন দপদপাই জ্বলি উঠে (Passenger bus fire in Nashik)৷ এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত বাছখনৰ চালকসহ 14 গৰাকী যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে (over 14 passengers burnt to death) ৷
জানিব পৰামতে, শুকুৰবাৰে নিশা বাছখন যৱতমালৰ পৰা নাছিক অভিমুখে ৰাওনা হৈছিল আৰু বাছখনত ৩০ জনতকৈও অধিক যাত্ৰী আছিল । নাছিকৰ ঔৰঙ্গাবাদ ৰোডৰ হোটেল চিলি চকত এখন ট্ৰাকত বাছখনে খুন্দিয়াই ৷ ইয়াৰ পিছতে ট্ৰাকখনৰ ডিজেলৰ টেংকটোত বিস্ফোৰণ ঘটে আৰু জুইয়ে বাছখনক চানি ধৰাৰ ফলতেই এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় ৷