নিউজ ডেস্ক, ১৯ আগষ্ট : শুকুৰবাৰে বিয়লিৰ ভাগত লাডাখৰ কাৰ্গিল জিলাত সংঘটিত হয় এক ৰহস্যজনক বিস্ফোৰণ ৷ শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, লাডাখৰ ড্ৰাছ অঞ্চলৰ এখন দোকানত সংঘটিত হোৱা এই ৰহস্যজনক বিস্ফোৰণৰ ফলত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে আন ১০ জন আহত হয় ৷ আহত কিছু লোকৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে ।
এই বিস্ফোৰণত তিনিজন লোক নিহত আৰু ১০ জন আহত হোৱা বুলি উল্লেখ কৰিছে কাৰ্গিল জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অনয়ত আলী চৌধুৰীয়ে ৷ তেখেতে উল্লেখ কৰা অনুসৰি, ইতিমধ্যে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ড্ৰাছৰ এখন দোকানত এখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা স্ক্ৰেপ বা কিছু সামগ্ৰী নমাই থকা হৈছিল ৷ তেনে সময়তে যেন এখন স্ক্ৰেপৰ দোকানত এই বিস্ফোৰণটো সংঘটিত হৈছিল বুলি উল্লেখ কৰিছে কাৰ্গিল জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷
কাৰ্গিল জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অনয়ত আলী চৌধুৰীয়ে লগতে কয়, ‘‘আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰিছে ৷ লগতে আৰম্ভ কৰিছে তদন্ত । সংগ্ৰহ কৰা হৈছে যাৱতীয় প্ৰমাণ-পত্ৰও’’ ৷ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অনয়ত আলী চৌধুৰী আৰু কাৰ্গিলৰ উপ আয়ুক্ত শ্ৰীকান্ত বালাছাহেব ছুছেয়ে জিলা চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্য বুজ লৈছে বুলি জানিব পৰা গৈছে ৷