নেশ্যনেল ডেস্ক,১৯ জুন : পুৱাই ছত্তীশগড়ৰ ৰায়গড় জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দ্ৰুতবেগী এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মাৰে । ফলত বাছখনৰ ২৬ গৰাকী যাত্ৰী আহত হয় । তাৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে আটাইকেইজন আহতৰ চিকিৎসা চলাই থকা হৈছে । গুৰুতৰভাৱে আহতকেইজনক ৰায়গড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
মহকুমা আৰক্ষীয়ে বিষয়াই জনোৱা মতে দুৰ্ঘটনাটো ৰায়গড় জিলাৰ ঘৰঘোড়াৰ সমীপত এখন দলঙৰ ওপৰত সংঘটিত হৈছে । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দলংখনত খুন্দা মৰাৰ পাছত, বাছখনৰ সন্মুখৰ অংশ আৰু বাওঁফাল সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে । লক্ষণীয়ভাৱে এই দলংখন ৰেলপথৰ ওপৰেৰে আছে ।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে । কিছু সময়ৰ পাছতে আৰক্ষী আৰু প্ৰশাসনৰ লোকসকল দুৰ্ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় লোকৰ সহযোগত আৰক্ষীত বাছখনৰ ভিতৰৰ পৰা লোকসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে ।