অসম

assam

ETV Bharat / bharat

Lok Sabha Speaker Meghalaya visit:মণিপুৰৰ ঘটনাক অত্যন্ত বেদনাদায়ক আখ্যা লোকসভাৰ অধ্যক্ষৰ - লোকসভাৰ অধ্যক্ষ ওম বিৰলা

শনিবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা ৷ শ্বিলংঙত আয়োজন কৰা ২০ সংখ্যক India Region Zone-III অনুষ্ঠানত অংশ গ্ৰহণ কৰে লোকসভাৰ অধ্যক্ষ গৰাকী ৷ মণিপুৰৰ শেহতীয়া ঘটনাক অত্যন্ত বেদনাদায়ক আৰু দুৰ্ভাগ্যজনক আখ্যা ৷

Lok Sabha Speaker visit in Meghalaya
মণিপুৰৰ ঘটনাক অত্যন্ত বেদনাদায়ক আখ্যা লোকসভাৰ অধ্যক্ষৰ

By

Published : Jul 29, 2023, 10:54 PM IST

নেশ্যনেল ডেস্ক, 29 জুলাই: শনিবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত উপস্থিত হ’ল লোকসভাৰ অধ্যক্ষ ওম বিৰলা ৷ শনিবাৰে শ্বিলংঙত আয়োজন কৰা ২০ সংখ্যক India Region Zone-III অনুষ্ঠানত অংশ গ্ৰহণ কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে লোকসভাৰ অধ্যক্ষগৰাকীয়ে ৷ মণিপুৰৰ ঘটনাৰ কথা উল্লেখ কৰি লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয়,''মণিপুৰৰ শেহতীয়া ঘটনা অত্যন্ত বেদনাদায়ক আৰু দুৰ্ভাগ্যজনক ৷ এনেবোৰ হিংসাত্মক ঘটানাই আমাৰ সমাজলৈ শান্তি নানে ৷''

মণিপুৰৰ ঘটনাক অত্যন্ত বেদনাদায়ক আখ্যা লোকসভাৰ অধ্যক্ষৰ

তেওঁ আৰু কয় যে, প্ৰতিজন ব্যক্তিক সন্মান আৰু মৰ্যাদাৰে ব্যৱহাৰ কৰাটো আমাৰ নৈতিক দায়িত্ব ৷ আমাৰ কামে যাতে কাকো ক্ষতি, দুখ অথবা সন্মানক আঘাত নকৰে তাৰ প্ৰতি বিশেষ লক্ষ্য ৰখিব লাগে ৷ শান্তি হৈছে উন্নয়নৰ পথ ৷ গতিকে সকলোকে হিংসা ত্যাগ কৰি শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৷ যি সময়ত মণিপুৰৰ ঘটনাক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিৰোধীৰ প্ৰতিবাদক গুৰুত্ব দিয়া নাই তেনে সময়ত লোকসভাৰ অধ্যক্ষ গৰাকীৰ মন্তব্যই তাৎপৰ্য বহন কৰিছে ৷ আনহাতে মণিপুৰে নহয় মেঘালয়ৰ উন্নয়ন আৰু বিকাশৰ সন্দৰ্ভত লোৱা কেতবোৰ পৰিকল্পনাৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে লোকসভাৰ অধ্যক্ষ গৰাকীয়ে ৷ উক্ত সন্মিলনখন ৩০ জুলাইত সমাপ্ত হ'ব।

ইফালে মণিপুৰৰ ঘটনাৰ বাবে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনতো মণিপুৰৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিৰ সৃষ্টি হৈছে ৷ আনফালে আকৌ INDIA ৰ মহাজোটৰ বিভিন্ন দলৰ সাংসদসকল দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে উপস্থিত হৈছে মণিপুৰত ৷

লগতে পঢ়ক:INDIA Opposition team : শনিবাৰে নহয় দেওবাৰেহে ইণ্ডিয়া মিত্ৰজোঁটৰ দলে সাক্ষাৎ কৰিব অনুছুইয়া উইকেক

ABOUT THE AUTHOR

...view details