অসম

assam

ETV Bharat / bharat

পশ্চিমবংগৰ জলপাইগুৰিত ভয়ানক পথ দুৰ্ঘটনা - আহত কেবাজনো

পশ্চিমবংগৰ জলপাইগুৰিত ভয়ানক পথ দুৰ্ঘটনাত নিহত ১৩ । আহত কেবাজনো ।

পশ্চিমবংগৰ জলপাইগুৰিত ভয়ানক পথ দুৰ্ঘটনা
পশ্চিমবংগৰ জলপাইগুৰিত ভয়ানক পথ দুৰ্ঘটনা

By

Published : Jan 20, 2021, 10:42 AM IST

নিউজ ডেস্ক, ২০ জানুৱাৰী: পশ্চিমবংগৰ জলপাইগুৰিত ভয়ানক পথ দুৰ্ঘটনা । মংগলবাৰে নিশা ৰাজ্যখনৰ জলপাইগুৰি জিলাৰ ধূপগুড়িত সংঘটিত হোৱা ভয়াবহ পথ দুৰ্ঘটনাত ১৩ জন লোক নিহত হয় । ইফালে আহত হয় কেবাজনো । ঘটনা সন্দৰ্ভত জানিব পৰা মতে,মেনগুড়ি-ধূপগুড়ি সংযোগী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ জলন্ধা সেতুৰ সমীপত এখন শিল ভৰ্তি ট্ৰাকে মাৰুতি ভান আৰু টাটা মেজিক এখনক প্ৰচণ্ড জোৰে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

পশ্চিমবংগৰ জলপাইগুৰিত ভয়ানক পথ দুৰ্ঘটনা

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ বাবে আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত লোকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক: মস্কোলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ জোৱানক বিদায় সম্ভাষণ ৰাছিয়ান ৰাষ্ট্ৰদূতৰ

ABOUT THE AUTHOR

...view details