নেশ্যনেল ডেস্ক, 8 এপ্ৰিল : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বুধবাৰে বিশেষ আদালতক জনায় যে, বিগত ফেব্ৰুৱাৰী মাহত উদ্যোগপতি মুকেশ আম্বানীৰ দক্ষিণ মুম্বাইৰ বাসগৃহৰ বাহিৰত ৰখা বোমা ভৰ্তি বাহন সন্দৰ্ভত নিলম্বিত আৰক্ষী বিষয়া শচীন ৱাজেৰ সৈতে মনচুখ হীৰেণ নামৰ আন এজন লোকো জড়িত আছিল ৷
ৱাজেৰ জিম্মাৰ সময়সীমা বৃদ্ধিৰ আবেদন জনাই অতিৰিক্ত ছ’লিচিটৰ জেনেৰেল অনিল সিঙে আদালতক কয় যে, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ই কোম্পানীৰ নামত থকা এটা বেংক একাউণ্টৰ স্বাক্ষৰ লাভ কৰিছে আৰু এই একাউণ্টত 1.5 কোটি টকা জমা ধন আছে ৷ এনআইএৰ তদন্তত এইটোও পোৱা গৈছে যে, ৱাজে তেওঁৰ সহায়কাৰীসকলক পৃথককৈ মুঠ লাখ টকা, 40 লাখ টকা আৰু 36 লাখ টকা প্ৰদান কৰিছিল ।
NIAই আম্বানীৰ দক্ষিণ মুম্বাইৰ বাসগৃহৰ বাহিৰত পোৱা বোমা ভৰ্তি বাহন আৰু বাহনখনৰ গৰাকী থানেৰ ব্যৱসায়ী মনচুখ হীৰেণৰ হত্যাৰ ঘটনাৰ তদন্ত কৰি আছে । তদন্তত সংস্থাটোৱে কয় যে, বিগত 25 ফেব্ৰুৱাৰীত আম্বানীৰ বাসগৃহৰ বাহিৰত ৰখাই থোৱা বাহনখনত ৰখা জিলেটিন ষ্টিক ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল নেকি, তেওঁলোকে ৱাজেক প্ৰশ্ন কৰিব বিচাৰিছিল ৷