নেশ্যনেল ডেস্ক,২৬ মাৰ্চ:অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ এক বিশেষ ভিডিঅ' বাৰ্তা । অসমৰ ৰাইজক বুদ্ধিমানভাৱে ভোট প্ৰদান কৰি উপযুক্ত চৰকাৰ নিৰ্বাচিত কৰিবলৈ আহ্বান প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ । ভিডিঅ'টোত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযাগ কৰা মতে সম্প্ৰতি অসমখন ধৰ্ম, সংস্কৃতি আৰু ভাষাৰ আধাৰত কেইবাটাও ভাগত বিভক্ত হৈছে ।
অসমৰে এজন নাগৰিক হিচাপে ৰাইজৰ লগত কথা পাতি থকা বুলি উল্লেখ কৰি তেওঁ কয় যে আকৌ এবাৰ বিধানসভা নিৰ্বাচনত ভোটগ্ৰহণ কৰাৰ সময় আহিছে । সেয়ে ৰাইজে বিবেকেৰে ভোট দিব লাগিব । কিয়নো অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি বিদ্ৰোহ আৰু অস্থিৰতাৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ কথা উল্লেখ কৰি তেওঁ কয় যে তৰুণ গগৈৰ নেতৃত্বত অসমত শান্তি আৰু বিকাশৰ দিশত নতুন আৰম্ভণি হৈছিল, কিন্তু এতিয়া অসম অতি গুৰুতৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে ।
ড৹ মনমোহন সিঙে ভিডিঅ'টোত উল্লেখ কৰা মতে সমাজখনক ধৰ্ম, সংস্কৃতি আৰু ভাষাৰ আধাৰত বিভক্ত কৰা হৈছে । সাধাৰণ মানুহৰ মৌলিক অধিকাৰ অশ্বীকাৰ কৰা হৈছে লগতে অসমত এতিয়া উত্তেজনা আৰু ভয়ৰ পৰিৱেশে বিৰাজ কৰিছে বুলিও মন্তব্য কৰে ড০ সিঙে ।
যিহেতু ড৹ মনমোহন সিঙে ১৯৯১ চনৰ পৰা ২০১৯ চনলৈ ২৮ বছৰৰ বাবে ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰিছিল সেয়ে অসমক তেওঁ নিজৰ 'দ্বিতীয় ঘৰ' বুলি অবিহিত কৰিছে । বাৰ্তাটোত তেওঁ উল্লেখ কৰা মতে অসমৰ বাবেই পাঁচ বছৰৰ বাবে বিত্তমন্ত্ৰী আৰু তাৰ পিছত ১০ বছৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দেশক সেৱা কৰাৰ সুযোগ লাভ কৰিছে ।