অসম

assam

ETV Bharat / bharat

Manmohan Singh 91st birthday: প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক মোদীয়ে যাচিলে জন্মদিনৰ শুভেচ্ছা

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, খাৰ্গে, ষ্টেলিনকে ধৰি অন্যান্য নেতাই প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক তেওঁৰ 91 সংখ্যক জন্মদিনত শুভেচ্ছা জনায় । ড৹ সিঙক তেওঁৰ ‘সৰলতা’ আৰু ‘দূৰদৰ্শী নেতৃত্ব’ৰ বাবে প্ৰশংসা কৰে যিয়ে ভাৰতক অৰ্থনৈতিক সংস্কাৰ আৰু সৰ্বাংগীন বৃদ্ধিৰ প্ৰতি দায়ৱদ্ধতাৰে একবিংশ শতিকাত আগবাঢ়ি যোৱাত সহায়ক হিচাপে বিবেচিত হৈছে ।

Manmohan Singh 91st  birthday
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অৰ্থনীতিবিদ মনমোহন সিং

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 1:22 PM IST

নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ:দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অৰ্থনীতিবিদমনমোহন সিঙে আজি ভৰি দিলে 91 বছৰ বয়সত ৷ বৰ্তমানৰপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আদিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ 91 সংখ্যক জন্মদিনত তেওঁৰ সেৱা আৰু সাফল্যৰ কথা স্মৰণ কৰে । শাসক আৰু বিৰোধী তথা প্ৰতিটো ৰাজনৈতিক দলে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ ৷ লগতে, ৰাজহুৱা জীৱনত সৰলতা আৰু কৃপাৰ বিৰল উদাহৰণ দাঙি ধৰাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা কৰে আটায়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে X যোগে ড° মনমোহন সিঙক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ KECVE কৰে । ড৹ সিঙৰ কাৰ্যকালত বিশ্বৰ বিত্তীয় সংকটৰ সময়ত সৰ্বাংগীন নীতি আৰু ফলপ্ৰসূ নীতিৰ প্ৰতি দায়ৱদ্ধতাৰে ভাৰতৰ ভৱিষ্যতক নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত কৃতিত্ব আৰ্জিছিল ।

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে Xযোগে কয়, "ড৹ মনমোহন সিংজীৰ সততা, জাতি গঠন আৰু জনসাধাৰণৰ অৰ্থনৈতিক উত্থানৰ প্ৰতি অটল দায়ৱদ্ধতা সদায় ‘মোৰ বাবে প্ৰেৰণা’ হৈ থাকিব । কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে সিঙক সম্ভাষণ জনাই কয় যে, এজন প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ সততা, সাহস, দৃষ্টিভংগী আৰু প্ৰজ্ঞাই দেশখনক আত্মবিশ্বাস আৰু গৌৰৱেৰে একবিংশ শতিকালৈ আগবাঢ়ি যোৱাৰ পথ মুকলি কৰি দিলে ।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে ড৹ সিং ৰাজনৈতিক ক্ষেত্ৰত সৰলতা, মৰ্যাদা আৰু কৃপাৰ এক বিৰল নিদৰ্শন । খাৰ্গে কয়, "এজন প্ৰকৃত ৰাষ্ট্ৰনেতা প্ৰধানমন্ত্ৰী ৷ তেওঁৰ জাতিলৈ আগবঢ়োৱা প্ৰচণ্ড অৱদানৰ বাবে আমি চিৰ কৃতজ্ঞ । তেওঁৰ সুস্বাস্থ্য, সুখ আৰু আগন্তুক দীৰ্ঘায়ু কামনা কৰিলোঁ ।"

তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডি এম কে নেতা এম. ষ্টেলিনে মনমোহন সিঙক শুভেচ্ছা জনাই কয়, ‘তেওঁৰ প্ৰগতি আৰু স্থিতিশীলতাৰ উত্তৰাধিকাৰ স্থায়ী ।"

লগতে পঢ়ক :India and Canada relation: ত্ৰিংৰগা জ্বলাই প্ৰতিবাদ খালিস্তানী সমৰ্থকৰ, নিজ্জাৰৰ হত্যাকাণ্ডৰ ৰাজহুৱা তদন্তৰ দাবী

ABOUT THE AUTHOR

...view details