নেশ্যনেল ডেস্ক, 4 মাৰ্চ: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ CBIৰ জিম্মাৰ ম্যাদ পুনৰ 2 দিনৰ বাবে বৃদ্ধি ৷ 10 মাৰ্চলৈকে জামিল লাভ নকৰিব মনীষ চিছোদিয়াই ৷ 10 মাৰ্চত আদালতে গ্ৰহণ কৰিব মনীষ চিছোদিয়াৰ জামিন আবেদন শুনানি ৷ 27 ফেব্ৰুৱাৰীত CBIয়ে পাঁচ দিনৰ বাবে নিজৰ জিম্মাত লৈছিল চিছোদিয়াক ৷ ম্যাদ শেষ হোৱাৰ পাচতেই আদালতত হাজিৰ কৰোৱাই পুনৰ দুদিনৰ বাবে জিম্মাত লয় CBIয়ে (Manish Sisodia in CBI Remand) ৷
উল্লেখ্য যে, দিল্লীৰ আবকাৰী কেলেংকাৰীৰ গোচৰত 26 ফেব্ৰুৱাৰীত CBIয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীক (Delhi excise policy case) ৷ শনিবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চিছোদিয়াক হাজিৰ কৰোৱা হয় আদালতত ৷ মনীষ চিছোদিয়াক চিবিআইয়ে আৰু অধিক দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও মাত্ৰ দুদিনৰ বাবেহে অনুমতি প্ৰদান কৰিলে আদালতে ৷ অধিবক্তা মোহিত মাথুৰে চিছোদিয়াৰ পত্নীৰ অসুস্থতাৰ কথা উল্লেখ কৰি জামিন বিচাৰিছিল যদিও 10 মাৰ্চত আবেদৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে আদালতে (Manish Sisodia remand extended) ৷
ইফালে, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে আদালতত কয়, ‘‘চিছোদিয়াই তদন্তত ভালদৰে সহযোগিতা কৰা নাই ৷ আমি পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি এতিয়াও অধিক প্ৰমাণ লাভ কৰা নাই ৷’’ যাৰবাবে 6 মাৰ্চলৈকে CBIৰ জিম্মালৈ প্ৰেৰণ কৰা হয় দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক (Manish Sisodia news update) ৷