অসম

assam

ETV Bharat / bharat

Delhi liquor Policy scam : ছিছোদিয়াৰ অন্তৱৰ্তীকালীন জামিনৰ আবেদন অস্বীকাৰ আদালতৰ - Manish Sisodias interim bail plea refused

অসুস্থ পত্নীৰ একমাত্ৰ তত্ত্বাৱধায়ক হোৱাৰ কাৰণ দৰ্শাই আদালতৰ পৰা ৬ সপ্তাহৰ বিশেষ জামিন বিচাৰিছিল । আদালতে তেওঁ জামিনৰ আবেদন খাৰিজ কৰে (Sisodia interim bail plea refused)। পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত তেওঁৰ সুবিধা অনুসৰি এদিনৰ বাবে পত্নীক সাক্ষাতৰ অনুমতি দিয়ে আদালতে ।

Delhi liquor Policy scam
ছিছোদিয়াৰ অন্তৱৰ্তীকালীন জামিনৰ আবেদন অস্বীকাৰ আদালতৰ

By

Published : Jun 5, 2023, 4:28 PM IST

নেশ্যনেল ডেস্ক,৫ জুন : আদালতত পুনৰ মুখথেকেচা খালে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী মণীষ ছিছোদিয়াই । আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ অন্তৱৰ্তীকালীন জামিনৰ আবেদন অস্বীকাৰ কৰে আদালতে (Sisodia interim bail plea refused)। দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে মণীষ ছিছোদিয়াৰ কথিত আবকাৰী নীতিৰ গোচৰ সন্দৰ্ভত অন্তৱৰ্তীকালীন জামিনৰ আবেদন অস্বীকাৰ কৰে । দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ অসুস্থ পত্নীৰ একমাত্ৰ তত্ত্বাৱধায়ক হোৱাৰ কাৰণত ৬ সপ্তাহৰ বাবে বিশেষ জামিন বিচাৰিছিল ।

অৱশ্যে ন্যায়াধীশ দিনেশ কুমাৰ শৰ্মাই তেওঁক পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত তেওঁৰ সুবিধা অনুসৰি এদিনৰ বাবে জিম্মা প্ৰদান কৰে আৰু তেওঁৰ অসুস্থ পত্নীক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়ে । ছিছোদিয়াক ৯ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান ইডিৰ গোচৰটোত ন্যায়িক জিম্মাত আছে (Sisodia in jail)। অৱশ্যে, নিয়মীয়া জামিনৰ বাবে তেওঁৰ আবেদন উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ।

ইডিয়ে প্ৰমাণ নষ্ট কৰাৰ সম্ভাৱনাৰ ভিত্তিত অন্তৱৰ্তীকালীন জামিনৰ আবেদনৰ বিৰোধিতা কৰে । ইডিৰ অধিবক্তাগৰাকীয়ে দাবী কৰিছে যে ছিছোদিয়াৰ পত্নী যোৱা ২০ বছৰ ধৰি ৰোগাক্ৰান্ত হৈ আছে ।

উল্লেখ্য যে আপ চৰকাৰে ২০২১ চনৰ ১৭ নৱেম্বৰত এই আবকাৰী নীতি কাৰ্যকৰী কৰে । অৱশ্যে দুৰ্নীতিৰ অভিযোগৰ মাজতে ২০২২ চনৰ ছেপ্টেম্বৰৰ শেষত ইয়াক বাতিল কৰা হয় । ৩০ মে'ত, আদালতে চিবিআইৰ দ্বাৰা তদন্ত কৰি থকা আবকাৰী নীতিৰ গোচৰত ছিছোদিয়াৰ জামিন আবেদন খাৰিজ কৰি কয় যে তেওঁ এগৰাকী প্ৰভাৱশালী ব্যক্তি আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ অতি গুৰুতৰ । চিবিআইৰ গোচৰটোত উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন আবেদন জুলাইৰ বাবে স্থগিত ৰাখিছে ।

লক্ষণীয়ভাৱে মণীষ ছিছোদিয়াৰ হৈ অধিবক্তাই আদালতত বাৰে বাৰে জামিনৰ আবেদন জনাই আহিছে যদিও প্ৰতিবাৰে বিমুখ হ'বলগীয়া হৈছে । মুঠতে মুকলি আকাশৰ তললৈ অহাৰ ক্ষেত্ৰত মণীষ ছিছোদিয়াৰ আবেদনে সন্তুষ্ট কৰিব পৰা নাই আদালতক ।

লগতে পঢ়ক :Awadhesh Rai Murder Case Verdict : বাৰাণসী আদালতত অৱধেশ হত্যাকাণ্ডৰ ৰায়

ABOUT THE AUTHOR

...view details