নেশ্যনেল ডেস্ক, 7 এপ্ৰিল :কাৰাগাৰৰ পৰাই প্রধানমন্ত্রী নৰেন্দ্র মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছে দিল্লীৰ প্রাক্তন শিক্ষামন্ত্রী মনীষ চিছোদিয়াই ৷ ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰত থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা এখন মুকলি চিঠিৰ যোগেদি প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে । আপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সমগ্ৰ দেশবাসীকে সম্বোধন কৰি তিহাৰ কাৰাগাৰৰ পৰা এই চিঠিখন প্ৰেৰণ কৰে (Manish Sisodia wrote letter from tihar jail delhi )।
চিছোদিয়াই তেওঁৰ পত্ৰত একবিংশ শতিকাত বিশ্বই বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দোপত-দোপে আগবঢ়াৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নলাৰ পৰা ওলোৱা গেছত চাহ আৰু জলপান প্ৰস্তুত কৰিব পাৰি বুলি পৰামৰ্শ দিয়া শুনা গৈছিল বুলি প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰে ৷ বালাকোট বিমান আক্ৰমণৰ পিচত টেলিভিছন চেনেলত দিয়া মন্তব্যৰ কথাও চিছোদিয়াই পত্ৰৰ যোগেদি সোঁৱৰাই দিয়ে ৷ ডাৱৰীয়া দিনত ৰাডাৰে বিমান দেখা নাপাব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কোৱা কথাষাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী প্ৰতিজন দেশবাসীৰ লগতে সমগ্ৰ বিশ্বৰ ওচৰতো হাঁহিৰ পাত্ৰ হৈ পৰিব বুলি চিঠিত উল্লেখ কৰে (Manish Sisodia wrote letter to PM Modi)।
প্ৰধানমন্ত্ৰীৰ শৈক্ষিক অৰ্হতা বহুসময়ত দেশখনৰ বাবে ক্ষতিকাৰক হৈ পৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া বিদেশী প্ৰতিনিধিৰ সৈতে বৈঠকৰ অন্তত চুক্তি স্বাক্ষৰ কৰে অথবা কেতিয়াবা আন দেশৰ ৰাষ্ট্ৰপতিসকলক ‘আলিংগন’ কৰে বুলি উল্লেখ কৰে । তেওঁলোকৰ প্ৰভাৱ প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজি নাপায় বুলি চিঠিত উল্লেখ কৰে চিছোদিয়াই । চিছোদিয়াই চিঠিখনত পুনৰ উল্লেখ কৰে যে আজিৰ যুৱ প্ৰজন্ম হ’ল উচ্চাকাংশী আৰু তেওঁলোকে উদ্ভাৱনী শক্তি খটুৱাই কাম কৰিব বিচাৰে । কম শিক্ষিত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সপোন পূৰণ কৰিব পাৰিবনে বুলিও চিঠিৰ যোগেদি প্ৰশ্ন উত্থাপন কৰে দিল্লীৰ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে (Delhi liquor scam case) ।