নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী :দেওবাৰে চিবিআইয়ে আবকাৰী গোচৰত গ্ৰেপ্তাৰ কৰা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে (Manish Sisodia to be produced in Rouse Avenue court today) । এই বিষয়ে আম আদমী পাৰ্টিয়ে অৱগত হোৱাৰ পিছতে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে আবকাৰী নীতিৰ ভিত্তিত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে বিজেপিৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান জনায় ৷ সমান্তৰালভাৱে সোমবাৰে পুৱাৰে পৰা দিল্লীস্থিত দীনদয়াল উপাধ্যায় মাৰ্গত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা (Delhi liquor scam case) ৷
সূত্ৰই জানিবলৈ দিয়া অনুসৰি, আম আদমী পাৰ্টিয়ে আহ্বান জনোৱা প্ৰতিবাদী অনুষ্ঠানৰ বাবে চিবিআইয়ে চিছোদিয়াক শাৰীৰিকভাৱে আদালতৰ সন্মুখত হাজিৰ নকৰিবও পাৰে । ইয়াৰ বিপৰীতে ৰাউজ এভিনিউৰ বিশেষ আদালতৰ সন্মুখত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উপ-মুখ্যমন্ত্ৰীগৰাকীক হাজিৰ কৰা হ’ব বুলি জানিবলৈ পৰা গৈছে । আনফালে উপ-মুখ্যমন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনাই দিল্লীত শাসকীয় আপ দলৰ সমৰ্থক তথা কৰ্ম-কৰ্তাসকলে ৰাজধানী চহৰখনৰ বিভিন্ন স্থানৰ ৰাজপথত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাটোৱে গ্ৰহণ কৰা এই পদক্ষেপৰ প্ৰতিবাদ পৰিলক্ষিত হৈছে দেশৰ প্ৰতিটো কোণতে (Delhi Deputy Chief Minister Manish Sisodia) ।