নেশ্যনেল ডেস্ক, ৬ মাৰ্চ :চিবিআইৰ দুদিনৰ জিম্মাৰ অন্তত পুনৰ সোমবাৰে বিয়লি আদালতত হাজিৰ কৰোৱা হ'ব দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক ৷ দিল্লী আবকাৰী নীতিৰ (Delhi iquor policy) গোচৰত যোৱা সপ্তাহত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল চিছোদিয়াক (CBI arrests Sisodia) । গ্ৰেপ্তাৰৰ পাছতে অৰবিন্দ কেজৰিৱাল কেবিনেটৰ পৰাও পদত্যাগ কৰিছে আপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে (Manish Sisodia resigns)।
বিগত শনিবাৰে ৰাউজ এভেনিউ আদালতে চিছোদিয়াৰ চিবিআই জিম্মাৰ সীমা পুনৰ দুদিনৰ বাবে বৃদ্ধি কৰাৰ লগতে জামিন সম্পৰ্কত ১০ মাৰ্চত শুনানিৰ দিন ধাৰ্য কৰে । আদালতত চিবিআইৰ অধিবক্তাই উল্লেখ কৰা মতে সোধা-পোছাত এতিয়াও চিছোদিয়াই সহযোগ কৰা নাই । সেয়েহে দুগৰাকী ব্যক্তিৰ সৈতে তেওঁক মুখামুখি কৰাবলৈ চিবিআইক আৰু অধিক জিম্মাৰ প্ৰয়োজন ।
আদালতত চিছোদিয়াই অভিযোগ কৰা মতে চিবিআইয়ে তেওঁক বাৰে বাৰে প্ৰশ্ন কৰি মানসিকভাৱে হাৰাশাস্তি কৰিছে । চিছোদিয়াই লগতে কয় যে চিবিআইয়ে তেওঁক দৈনিক ৯-১০ ঘণ্টা সময় ধৰি জেৰা চলাই আৰু একেবোৰ প্ৰশ্নকে বাৰে বাৰে সুধি থাকে । ইয়াৰ পাছতে আদালতে চিবিআইক তেওঁক বাৰে বাৰে প্ৰশ্ন নকৰিবলৈ নিৰ্দেশ দিয়ে । শুকুৰবাৰে চিছোদিয়াই জামিনৰ বাবে ৰাউছ এভিনিউ আদালতৰ কাষ চাপিছিল আৰু দাবী কৰিছিল যে তেওঁক জিম্মাত ৰাখি কোনো ফলপ্ৰসূ উদ্দেশ্য পূৰণ নহয় ।
ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে চিছোদিয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু কৈছিল যে ইয়াৰ দ্বাৰা ভুল দৃষ্টান্ত স্থাপন কৰা হ'ব ৷ উচ্চতম ন্যায়ালয়ে তেওঁক নিজৰ গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত উপলব্ধ অন্যান্য প্ৰতিকাৰমূলক পদ্ধতি ল'বলৈ নিৰ্দেশ দিছিল । ইফালে আম আদমী পাৰ্টীয়ে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে । বিৰোধীক লক্ষ্য কৰি বিজেপি চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে দলটোৱে ।
দেওবাৰে ৯ টাকৈ বিৰোধী দলৰ নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । য'ত অভিযোগ কৰা হৈছে যে ২০১৪ চনত মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পাছৰে পৰা বিৰোধীৰ বিশিষ্ট তথা শক্তিশালী নেতাসকলক কেন্দ্ৰীয় সংস্থাসমূহে তদন্ত কৰি থকা গোচৰসমূহ বৃদ্ধি পাইছে । পত্ৰখনত কেইবাখনো বিৰোধী অৰ্থাৎ অ-বিজেপি শাসিত ৰাজ্যত ৰাজ্যপাল আৰু চৰকাৰৰ মাজত হোৱা সংঘাতৰ কথাও উল্লেখ কৰা হৈছে ৷ এই সকলোবোৰ বিষয় স্পষ্ট কৰি পত্ৰখনত লগতে কোৱা যে দেশখন গণতন্ত্ৰৰ পৰা যেন স্বৈৰাচাৰিতালৈ পৰিৱৰ্তিত হৈছে ।
সোমবাৰে দিল্লী কংগ্ৰেছে নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু দিল্লী কংগ্ৰেছৰ কাৰ্যালয়ৰ বাহিৰত কেন্দ্ৰীয় সংস্থাই আপ নেতা মনীষ চিছোদিয়া আৰু সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰা বিষয়ক লৈ পোষ্টাৰ লগাইছিল ৷ মহামাৰীৰ সময়ত দিল্লীৰ স্বাস্থ্যমন্ত্ৰী হিচাপে থকা সত্যেন্দ্ৰ জৈনক (ED arrests Satyendar Jain) ২০২২ চনত বিধি বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল ।
লগতে পঢ়ক :Govt formation in NE states: পূৰ্বোত্তৰৰ দুই ৰাজ্যত চৰকাৰ গঠন সন্দৰ্ভত অমিত শ্বাহৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক