নিউজ ডেস্ক, ৬ মাৰ্চ :দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক (Former Delhi Deputy CM Manish Sisodia) সোমবাৰে ৰৌজ এভিনিউ আদালতে ২০ মাৰ্চলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে (Manish Sisodia sent to judicial custody) । চিবিআইৰ জিম্মা শেষ হোৱাৰ পিছত চিছোদিয়াক সোমবাৰে বিয়লি আদালতত হাজিৰ কৰোৱা হয় (AAP leader Manish Sisodia CBI custody ended) । দিল্লীৰ আবকাৰী নীতিৰ গোচৰত জড়িত থকাৰ অভিযোগত আপৰ দ্বিতীয় শীৰ্ষ নেতাগৰাকী এসপ্তাহৰ বাবে চিবিআইৰ জিম্মাত আছে (Delhi liquor policy case) ।
সোমবাৰে আদালতৰ শুনানিত চিবিআইৰ পৰামৰ্শদাতাই কয় যে তেওঁলোকে বৰ্তমান আৰু চিবিআইৰ জিম্মা বিচৰা নাই (CBI remand of Manish Sisidia) । অৱশ্যে চিবিআয়ে পৰৱৰ্তী 15 দিনত জিম্মা বিচাৰিব পাৰে । চিছোদিয়াৰ পৰামৰ্শদাতাই অবৈধতাৰ অভিযোগক আলোকপাত কৰি কোৱা যুক্তিৰ ওপৰত চিবিআয়ে কয় যে তদন্ত সংস্থাটোৱে ইয়াৰ কাৰ্যক্ৰমৰ স্বচ্ছতা বহন কৰিছে । আদালতে চিছোদিয়াক তেওঁৰ ন্যায়িক জিম্মাৰ সময়চোৱাত এযোৰ চছমা, এখন টোকাবহী, কলম আৰু গীতা লগ ৰখাৰ অনুমতি দিয়ে । আদালতে তেওঁক ঔষধ লগত ৰখাৰ অনুমতি প্ৰদানৰ লগতে কাৰাগাৰ অধীক্ষকক তেওঁক বিপাসন (ধ্যান) কোষত ৰাখিবলৈ তেওঁৰ অনুৰোধ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে ।
ইয়াৰ পূৰ্বে শনিবাৰে আদালতে তদন্তকাৰী সংস্থাটোৰ জিম্মাত সোধা-পোছাৰ সময় আৰু দুদিনৰ বাবে বৃদ্ধি কৰিছিল । আদালতে ১০ মাৰ্চত শুনানিৰ বাবে চিছোদিয়াৰ জামিন আবেদনো তালিকাভুক্ত কৰে । উল্লেখ্য, চিছোদিয়াক ২৬ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় অনুসন্ধান সংস্থাই গ্ৰেপ্তাৰ কৰে । আনহাতে, তেওঁ বিগত সপ্তাহত কেজৰিৱাল মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে । পূৰ্বৱৰ্তী শুনানিত চিবিআয়ে চিছোদিয়াই তদন্তত সহযোগিতা নকৰাৰ বিষয়ে অভিযোগ কৰিছিল । আনহাতে, চিছোদিয়াই দীঘলীয়া সময়ৰ বাবে একেবোৰ প্ৰশ্নকে বাৰে বাৰে সোধাৰ বিষয়ে অভিযোগ কৰিছিল ।