নিউজ ডেস্ক, 7 জুন: 103 দিনৰ অন্তত স্বামীক লগ পাই আবেগিক হৈ পৰে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ পত্নী সীমা ছিছোদিয়া ৷ স্বামীক সাক্ষাৎ কৰি টুইটাৰত এখন পত্ৰ শ্বেয়াৰ কৰে সীমা ছিছোদিয়াই ৷ চিঠিখনত উল্লেখ কৰে যে, আজি ১০৩ দিনৰ পিচত মই মণীষক লগ পোৱাৰ সুযোগ পাইছিলো (Manish Sisodia met his wife)। মই নাজানো মই, মোৰ স্বামী আৰু পৰিয়ালে আৰু কিমান দিন এনে ষড়যন্ত্ৰৰ সন্মুখীন হ’ব লাগিব (Seema sisodia letter to husband)!
সীমা ছিছোদিয়াই লগতে উল্লেখ কৰে, "আজি ৭ ঘণ্টা ধৰি মই তেওঁ শোৱনি কোঠাৰ দুৱাৰমুখত বহি আছিলো, মই মাথো আপোনাক চাই আছিলো আৰু আপুনি কোৱা সকলো কথা মই শুনি গৈছিলো । সম্ভৱতঃ সেইকাৰণে আপোনালোকে কয় যে ৰাজনীতি লেতেৰা। মোৰ লগতে আমাৰ বহুতো শুভাকাংক্ষীয়ে তেওঁক কৈছিলো সাংবাদিকতা আৰু আন্দোলনলৈ সকলো ঠিকেই আছে , কিন্তু ৰাজনীতিৰ মেৰপাকত নপৰিব (Manish Sisodia met wife after 103 days) ৷ পূৰ্বৰে পৰা ইয়াত আগ্ৰাসন কৰি থকা লোকসকলে আপোনাক কাম কৰিবলৈ নিদিয়ে আৰু আপোনাৰ লগতে পৰিয়ালটোক হাৰাশাস্তি কৰিব। কিন্তু মণীষ অটল আছিল। তেওঁ অৰবিন্দ আৰু কেইবাগৰাকী লোকৰ সৈতে দলটো গঠন কৰিছিল আৰু তেওঁলোকৰ সৈতে কাম কৰিছিল।"
"এই লোকসকলে শিক্ষা, স্বাস্থ্য, বিদ্যুৎ, পানীৰ বিষয়ে মাত মাতিবলৈ বাধ্য কৰিছিল। আজিও মণীষৰ মুখত আৰু শব্দত পুনৰ একেই জেদ দেখিছিলো ৷ যোৱা ১০৩ দিন ধৰি মজিয়াত শুই আছে মানুহজন। ম’হ,দাঁহ ,পৰুৱা, পোক-পতংগ, গৰম যিয়েই নহওঁক, তেওঁৰ চকুত এতিয়াও মাত্ৰ এটাই সপোন আছে - শিক্ষাৰ জৰিয়তে দেশখনৰ শক্তি বৃদ্ধি কৰা। তেওঁ বাৰে বাৰে কৈছিল যে আমি অৰবিন্দ কেজৰিৱালৰ সৈতে সৎ ৰাজনীতি কৰিব লাগিব। যিমানেই সমস্যা, যড়যন্ত্ৰ নহওঁক কিয়? যোৱা তিনি মাহত, আমি বিশ্বত শিক্ষাৰ ইতিহাস পঢ়িছোঁ। কোনখন দেশৰ কোন নেতাই নিজৰ জেদেৰে শিক্ষাৰ ওপৰত কাম কৰিছিল ৷ তাৰ পিচত সেই দেশখন আজি কলৈ উপনীত হৈছে? জাপান, চীন, ছিংগাপুৰ, ইজৰাইল, আমেৰিকা যুক্তৰাষ্ট্ৰ। ভাৰতৰ শিক্ষাত কিমান ভাল আৰু ইয়াত শিক্ষাৰ কি অভাৱ আছে? মোৰ স্বামীক সাক্ষাৎৰ সময়ত আমি এই সম্পৰ্কেও আলোচনা কৰিছিলো ৷"