নিউজ ডেস্ক, ২২ ডিচেম্বৰ :দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াক শুকুৰবাৰে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয় । দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰৰ অভিযুক্ত হৈছে মনীষ ছিছোডিয়া । আদালতে ছিছোডিয়াৰ ন্যায়িক জিম্মা ১৯ জানুৱাৰী, ২০২৪ লৈকে বৃদ্ধি কৰে । আদালতে মনীষ ছিছোডিয়াৰ অধিবক্তাক চিবিআইৰ মুখ্য কাৰ্যালয়লৈ গৈ নথিপত্ৰ পৰীক্ষা কৰিবলৈ ১৫ দিনৰ সময় দিয়ে । আদালতে চিবিআইক নথিপত্ৰ পৰীক্ষাৰ বাবে পৰ্যাপ্ত বিষয়া নিয়োগ কৰিবলৈও নিৰ্দেশ দিয়ে ।
উল্লেখ্য যে ২১ নৱেম্বৰত শুনানিৰ সময়ত আদালতে মনীষ ছিছোডিয়াৰ অধিবক্তাক গোচৰটোৰ বিচাৰত বিলম্ব কৰিব বিচাৰে বুলি অভিযোগ কৰে । আনহাতে, ১০ নৱেম্বৰত আদালতে ছিছোডিয়াক তেওঁৰ অসুস্থ পত্নীক লগ কৰিবলৈ অনুমতি প্ৰদান কৰে । ইফালে ৩০ অক্টোবৰত উচ্চতম ন্যায়ালয়ে মনীষ ছিছোডিয়াক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে ।
২৫ এপ্ৰিলত চিবিআয়ে দিল্লীত গোচৰটোৰ পৰিপূৰক অভিযোগনামা দাখিল কৰে । অভিযোগনামাত চিবিআয়ে মনীষ ছিছোডিয়াকো এই গোচৰটোত অভিযুক্ত কৰে । ছিছোডিয়াৰ উপৰি পৰিপূৰক অভিযোগনামাত অভিযুক্ত হিচাপে নাম থকাসকল হৈছে বুচি বাবু, অৰ্জুন পাণ্ডে আৰু অমনদীপ ধল । উল্লেখ্য যে বুচি বাবু হৈছে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চি ৰাওৰ কন্যা কে কবিতাৰ প্ৰাক্তন চিএ ।