নিউজ ডেস্ক, 30 আগষ্ট: শিশু অপহৰণৰ অভিযোগত বিজেপিৰ এজন কৰ্পৰেটৰক গ্ৰেপ্তাৰ কৰাৰ (Allegation of kidnap against BJP corporator) কথা উল্লেখ কৰি মঙলবাৰে দিল্লী বিধানসভাত বিজেপিক “বাচ্ছা চোৰ” ৰ দল বুলি অভিহিত কৰে উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই । ছিছ’দিয়াই লগতে কয় যে চিবিআইৰ তালাচীৰ সময়ত তেওঁৰ লকাৰত সম্পত্তিৰ কাগজ উদ্ধাৰ হোৱাৰ ভুৱা খবৰ প্ৰকাশ কৰা হৈছিল । কেৱল ৭০ ৰ পৰা ৮০ হাজাৰ টকাৰ সামগ্ৰীহে লকাৰত আছিল আৰু এজেন্সীৰ পৰা ক্লিন চিট লাভ কৰিছিল বুলি দিল্লী বিধানসভাত ছিছ’দিয়াই জনায় (CBI raid in Manish Sisodia residence)।
"আমি বিৰোধীৰ সকলো প্ৰশ্নৰ উত্তৰ দিছো । তেওঁলোকে নিক্ষেপ কৰা মিছা কথাৰ উত্তৰ আমি দিব নোৱাৰো । মোৰ ল'ৰাৰ 'ঝুঞ্জুনা' (এটা খেলনা)কে ধৰি ৭০-৮০ হাজাৰ টকাৰ সামগ্ৰীহে চিবিআইয়ে উদ্ধাৰ কৰিছিল" । বিৰোধী বিধায়কৰ হুলস্থুলৰ মাজতে সদনত এইদৰে কয় । ৰাষ্ট্ৰীয় ৰাজধানীৰ উপকণ্ঠ অঞ্চলৰ গাজিয়াবাদৰ বসুন্ধৰাত থকা পঞ্জাৱ নেচনেল বেংকৰ এটা শাখাত চিবিআইৰ চাৰিজনীয়া এটা দলে তালাচী চলাই থকাৰ সময়তে ছিছ’দিয়া আৰু তেওঁৰ পত্নী উপস্থিত আছিল (Corruption charge against Manish Sisodia)।