তেজপুৰ, 18 জুন: বিগত 6 সপ্তাহ ধৰি জ্বলি আছে মণিপুৰ ৷ স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত তৎপৰতা অব্যাহত আছে যদিও প্ৰায় প্ৰতিদিনেই সংঘটিত হৈ আহিছে হিংসাত্মক ঘটনা ৷ সমান্তৰালভাৱে দেশৰ বিভিন্ন স্থানৰ লগতে বিদেশতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দাবীৰে মণিপুৰৰ লোকসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷
দেওবাৰে হায়দৰাবাদত বাস কৰা মণিপুৰৰ লোকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ হায়দৰাবাদ মণিপুৰী চ'চাইটিৰ অধীনত তেলেংগানাৰ কেইবাটাও স্থানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইফালে আমেৰিকাতো আমেৰিকাৰ মেইটেইছ সংগঠনে (The Association of Meiteis in the Americas) হোৱাইট হাউচৰ সমীপৰ লাফায়েট পাৰ্কত অহা 23 জুনত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব ৷
উল্লেখ্য যে, বিগত 3 মে’ত জনজাতিৰ মৰ্যাদা প্ৰদানক লৈ মেইটেই আৰু কুকিৰ মাজত হোৱা সংঘাতে পৰৱৰ্তী পৰ্যায়ত লয় ভয়ংকৰ ৰূপ ৷ মেইটেইসকলে জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীৰে সাব্যস্ত কৰা প্ৰতিবাদৰ সময়ত এটা বন বিষয়াৰ কাৰ্যালয় জ্বলাই দিয়াৰ পাচতেই চুৰাচান্দপুৰ জিলাত হিংসা আৰম্ভ হৈছিল ৷ ইয়াৰ পাচতেই মেইটেইসকলক আক্ৰমণৰ লক্ষ্য কৰি লয় কুকি জনাজাতিৰ লোকসকলে ৷