নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ:শান্তি বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে মণিপুৰৰ এটা সংগঠনে ৷মণিপুৰৰ কুকি-জোমি-হ্মাৰ-মিজো সম্প্ৰদায়ৰ মহিলাৰ এটা দলে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰত সংঘটিত হিংসাৰ অন্ত পেলাবলৈ হস্তক্ষেপ কৰাৰ বাবে আবেদন জনায় । মোদীলৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰত মণিপুৰৰ মহিলাসকলে ৰাজ্যখনৰ উল্লেখিত চাৰিটা সম্প্ৰদায়ৰ মহিলাসকলৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰ আৰু হিংসাৰ 15 টা গোচৰ সন্দৰ্ভতো আলোকপাত কৰে ।
ETVৰ আগত নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান উইমেন (NFIW)ৰ সম্পাদিকা এনি ৰাজাই কয়, "মণিপুৰৰ মহিলাসকলক আন সম্প্ৰদায়ৰ ওপৰত প্ৰতিশোধ তোলাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু এই সকলোবোৰ ঘটি আছে এখন আধুনিক সমাজত ৷ এয়া ভাৰতত বন্ধ হ’ব লাগিব ।"
3 মে’ৰ পৰা আৰম্ভ হোৱা হিংসাত্মক কাণ্ড ৰাজ্যখনত বৰ্তমানেও অব্যাহত আছে বুলিও কয় ছানীয়ে । “কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে । ইয়াৰ বিপৰীতে গৃহমন্ত্ৰী অমিত শ্বাহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাত ব্যৰ্থ হৈছে ৷ আমি আশা কৰিছো যে এতিয়া হ’লেও প্ৰধানমন্ত্ৰীয়ে হস্তক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব ।"