তেজপুৰ,২০ জুলাই :কুকি মহিলাক উলংগ কৰি সমদল উলিওৱা অভিযুক্তসকলক চৰম শাস্তি প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে বিবেচনা কৰিব চৰকাৰে । বৰ্তমান এক পুংখানুপুংখ তদন্ত চলি আছে আৰু চৰকাৰে নিশ্চিত কৰিব যাতে মৃত্যুদণ্ডৰ সম্ভাৱনা বিবেচনা কৰি সকলো অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হয় । এই ঘোষণা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ।
উল্লেখ্য যে যোৱা ৪ মে'ৰ এটা ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে । ভিডিঅ'টোত প্ৰত্যক্ষ কৰা গৈছে যে দুগৰাকী মহিলাক একাংশ দানৱৰূপী লোকে উলংগ কৰি সমদল বাহিৰ কৰিছে । আনকি সমদলৰ পূৰ্বে কুকি সম্প্ৰদায়ৰ মহিলা দুগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰো অভিযোগ উঠিছে । মহিলা দুগৰাকীয়ে কান্দি কান্দি সমদলত আগবাঢ়ি যোৱা দেখা গৈছে আৰু লোকসকলক তেওঁলোকক মুকলি কৰিবলৈ কাতৰ আহ্বানো জনাইছে । এই ভয়ংকৰ আৰু সভ্য সমাজক লজ্জাজনত কৰা ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধীয়ে শাসকীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ।
ইয়াৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে কয় যে চৰকাৰে ভিডিঅ'টোত দেখা অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । যোৱা নিশা প্ৰায় ১.৩০ বজাত ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।