নেচনেল ডেস্ক, 20 মাৰ্চ :দক্ষিণ পশ্চিম দিল্লীৰ চফদৰজং এনক্লেভ এলেকাত এগৰাকী মণিপুৰী মহিলাৰ সৈতে সংঘটিত এক ধৰ্ষণৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ এই সংক্ৰান্তত অভিযোগকাৰী মহিলাগৰাকীয়ে জানিব দিয়ে যে, তেওঁ হামায়ুপুৰৰ এক লামা পাকঘৰত(ৰেষ্টুৰেন্ট) সেৱা কৰ্মী হিচাপে কৰ্মৰত হৈ আছে । তেওঁৰ অভিযোগ মতে, ঘটনাৰ দিনা দুপৰীয়া ১:৩০ বজাত ৰেষ্টুৰেণ্টৰ ৱাছৰুমৰ পৰা ওলাই অহাৰ সময়ত সহকৰ্মী সঞ্জয়ে তেওঁৰ সৈতে অসৎ কাৰ্য চৰিত্ৰাৰ্থ কৰে (Manipur woman raped in Delhi restaurant ) ৷
এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে ৷ এই অনুসৰি, অভিযুক্ত সঞ্জয়ক গ্ৰেপ্তাৰ কৰা হৈছে৷ পশ্চিম দিল্লীৰ উপ ডিচিপি গৌৰৱ শৰ্মাই গোচৰটোৰ বিৱৰণ দি কয় যে ১৮ মাৰ্চত চফদৰজং আৰক্ষী থানাই এই সন্দৰ্ভত খবৰ লাভ কৰে ৷ য'ত এগৰাকী ২১ বছৰীয়া মহিলাই অভিযোগ কৰিছিল যে, তেওঁ হুমায়ুপুৰৰ লামা কিচেনত সেৱা কৰ্মচাৰী হিচাপে কাম কৰে। যোৱা 16 মাৰ্চত তেওঁক তেওঁৰ সহকৰ্মীয়ে শাৰিৰীক উৎপীড়ন আৰু ধৰ্ষণ কৰাৰ অভিযোগ কৰে ৷