নিউজ ডেস্ক, 6 আগষ্ট:3 মাহ পূৰ্বে আৰম্ভ হোৱা মণিপুৰৰ গোষ্ঠাসংঘৰ্ষৰজুই এতিয়াও নুমুৱা নাই ৷ইম্ফলৰ পশ্চিমৰ জিলাত পোন্ধৰটা ঘৰত দুৰ্বৃৰ্ত্তই অগ্নিকাণ্ড কৰাৰ ফলত পুনৰ সৃষ্টি হয় হিংসাত্মক পৰিস্থিতিৰ । শনিবাৰে সন্ধিয়া লেংগল গেমছ গাঁৱত একাংশ লোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় বুলি স্থানীয় সংবাদ সূত্ৰত প্ৰকাশ ।
স্থানীয় সংবাদ সূত্ৰই লগতে কয় যে, নিৰাপত্তাৰক্ষীয়ে কেইবা জাঁই কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰাৰ পিচতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে । হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত গুলীৱিদ্ধ হৈছিল এজন 45 বছৰীয়া যুৱক । বাওঁ উৰুত পোৱা গুলীৰ আঘাতৰ বাবে আঘাতপ্ৰাপ্তজনক আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছে ৷ বৰ্তমান আঘাতপ্ৰাপ্ত লোকজনৰ স্বাস্থ্যৰ উন্নত হৈছে বুলি চিকিৎসকে জনায় ।
6 আগষ্ট দেওবাৰৰ পুৱা পৰিস্থিতিৰ কিছু উন্নতি ঘটিছিল যদিও নিষেধাজ্ঞা বৰ্তমানেও অব্যাহত আছে বুলি জানিবলৈ পৰা গৈছে । ইম্ফল ইষ্ট জিলাৰ চেকন এলেকাতো হিংসাত্মক ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পৰা গৈছে য’ত শনিবাৰে এটা বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠান জ্বলাই দিয়া হৈছিল বুলি চৰকাৰী সূত্ৰই জনায় । দুৰ্বৃৰ্ত্তই আন তিনিটা ঘৰতো অগ্নিসংযোগ কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰা বুলিও কয় ।