নিউজ ডেস্ক, ২১ আগষ্ট:মণিপুৰত জাতিগত হিংসাৰ বলি হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম চোৱাচিতা কৰিবলৈ প্ৰাক্তন ন্যায়াধীশ গীতা মিট্টলৰ নেতৃত্বত গঠন কৰা কমিটীয়ে সোমবাৰে উচ্চতম ন্যায়ালয়ত তিনিখন প্ৰতিবেদন দাখিল কৰে ৷ এই প্ৰতিবেদনত পৰিচয় পত্ৰ পুনৰ প্ৰস্তুত কৰা আৰু ক্ষতিপূৰণ আঁচনিৰ প্ৰয়োজনীয় সালসলনি কৰাৰ কথা উল্লেখ কৰা হয় ৷
উচ্চতম ন্যায়ালয়ে প্ৰতিবেদন তিনিখনৰ শুনানী গ্ৰহণ কৰি প্ৰাক্তন ন্যায়াধীশ মিট্টালৰ কমিটীৰ কাম-কাজ আৰু প্ৰশাসনিক প্ৰয়োজনীয়তা, প্ৰশাসনিক আৰু অন্যান্য খৰচ পূৰণৰ বাবে পুঁজি আৰু ৰাইজে কৰি থকা কামৰ প্ৰয়োজনীয় প্ৰচাৰৰ বাবে এটা ৱেব পৰ্টেল স্থাপন কৰা বিষয়ৰ ওপৰত 25 আগষ্টত 'নিৰ্দিষ্ট প্ৰক্ৰিয়াগত নিৰ্দেশনা' জাৰি কৰি আনুষংগিক বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ নিৰ্দেশ দিয়া হ‘ব ।
উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ৭ আগষ্টত তিনিগৰাকী প্ৰাক্তন মহিলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত এখন সমিতি গঠন কৰি ভুক্তভোগীসকলৰ বাবে সাহায্য আৰু পুনৰ্বাসনৰ কাম আৰু তেওঁলোকক প্ৰদান কৰিবলগীয়া ক্ষতিপূৰণ চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ উপৰিও এই কমিটিখনত মহাৰাষ্ট্ৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক দত্তত্ৰেয় পদছালগীকাৰক অপৰাধমূলক গোচৰৰ তদন্ত নিৰীক্ষণ কৰিবলৈ কোৱা হৈছিল ।