নিউজ ডেস্ক, ২৮ নৱেম্বৰ : দেশৰ বিভিন্ন কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ বদলি হ'বৰ বাবে কেন্দ্ৰৰ পৰা নিৰ্দেশ বিচৰা ২৮৪ গৰাকী মণিপুৰী শিক্ষাৰ্থীৰ আবেদন পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ে মঙলবাৰে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাক এই নিৰ্দেশ দিয়ে ।
আবেদনকাৰীসকলক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা মীনাক্ষী অৰোৰাই মণিপুৰত জাতিগত হিংসাত ক্ষতিগ্ৰস্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ভৰ্তি হ'বলৈ অনুমতি দিবলৈ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠক নিৰ্দেশনা জাৰি কৰিবলৈ অনুৰোধ জনায় । অৰোৰাই কয় যে শিক্ষাবৰ্ষত শিক্ষাৰ্থীসকলে ইতিমধ্যে ৬ মাহ হেৰুৱাইছে । লগতে এই কথাও আঙুলিয়াই দিয়ে যে কাশ্মীৰৰ প্ৰব্ৰজনকাৰীসকলৰ বাবেও একেই কাম কৰা হৈছিল । অৰোৰাই কয় যে তেওঁলোকৰ বেছিভাগেই এতিয়া মণিপুৰৰ বাহিৰত আছে ।
আনহাতে, কেন্দ্ৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে শিক্ষাৰ্থীৰ তালিকা সমিতিক দিয়া হৈছে আৰু সমিতিয়ে ইয়াৰ ওপৰত নজৰ ৰাখিছে । ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে অধিবক্তাক প্ৰশ্ন কৰে, "আপুনি উচ্চ ন্যায়ালয়লৈ কিয় নাযায় ? মণিপুৰ উচ্চ ন্যায়ালয়ত এতিয়া এগৰাকী মুখ্য ন্যায়াধীশ আছে, তেওঁৰ কাষ চাপিব পাৰে ।"