নেশ্যলেল ডেস্ক, ২৩ জুন :কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে আহ্বান কৰিছে এক সৰ্বদলীয় বৈঠক ৷ এই বৈঠকত মণিপুৰৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হ’ব ৷ গৃহ মন্ত্ৰালয়ৰ পৰা অহা এক বিবৃতিত প্ৰকাশ পাইছে তথ্য । বিগত মাহত শ্বাহে ৰাজ্যখন ভ্ৰমণ কৰি মেইটেই আৰু কুকি দুয়োটা সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হৈছিল ৷ তথ্য অনুসৰি, এই হিংসাত্মক ঘটনাত ১১৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ লগতে প্ৰায় ৪০,০০০ লোকক স্থানান্তৰো হৈছিল ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আয়োজন কৰা এই বৈঠকৰ সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সাহিত্যিক তথা শিক্ষাবিদ প্ৰদীপ ফাঞ্জুবামে কেতবোৰ মন্তব্য প্ৰদান কৰে ৷ তেওঁ কয় যে এই সভাই মণিপুৰৰ আগন্তুক পৰিস্থিতি নিৰ্ধাৰণ কৰিব ৷
লগতে তেওঁ কয়, "কিন্তু মই নাভাবো যে ইয়াৰ তাৎক্ষণিক সমাধান হ'ব পাৰে । অৱশ্যে সভাত অংশগ্ৰহণকাৰীসকলে ভাল পৰিকল্পনাৰ লৈ আহিব লাগে’’ । তেওঁ আৰু কয় যে বৰ্তমানৰ সংকটে ৰাজ্যখনৰ বহু সম্প্ৰদায়ৰ মাজত বিশেষকৈ ইয়াৰ তিনিটা প্ৰধান জনগোষ্ঠী - নগা, কুকি আৰু মেইটেইৰ মাজৰ সম্পৰ্কৰ অধিক জটিলৰ ফালে গতি কৰিছে ৷
হিংসাত্মক ঘটনাৰ পাচতে ক্ৰমাৎ বেয়াৰ ফালে গতি কৰে ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি ৷ ফলত লাখ লাখ লোকে নিজৰ আপোনখন এৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় ৷ আনকি ৰাজ্যখনৰ বিভিন্ন স্থানত সান্ধ্য আইন জাৰি কৰাৰ লগতে কৰ্তন কৰা হয় ইণ্টাৰনেট সেৱা ৷ বৰ্তমানো ৰাজ্যখনৰ বহু স্থানত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে ৷