নিউজ ডেস্ক, ১৯ জুন :মণিপুৰৰ হিংসা বন্ধ হোৱাৰ যেন নামেই লোৱা নাই । উত্তপ্ত ৰাজ্যখনত নিৰন্তৰ বৃদ্ধি পাই আছে হিংসাত্মক ঘটনা । শেহতীয়াভাৱে আন এটা হিংসাত্মক ঘটনা সংঘটিত হৈছে দেওবাৰে নিশা । দেওবাৰে মাজনিশা সশস্ত্ৰ দুৰ্বৃত্তই কাণ্টো চাবলৰ পৰা চিংমাং গাঁও অভিমুখে গুলীচালনা কৰে । এই গুলীচালনাত ভাৰতীয় সেনাৰ এজন জোৱান আহত হয় । তেওঁক লিমাখোং সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় । বৰ্তমান অৱশ্যে তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । সোমবাৰে প্ৰকাশ কৰা ভাৰতীয় সেনাৰ তথ্যত এই কথা প্ৰকাশ ।
এক টুইটযোগে ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছে কয় যে ১৮ জুনৰ মাজনিশা সশস্ত্ৰ দুৰ্বৃত্তই কাণ্টো চাবলৰ পৰা চিংমাং গাঁও অভিমুখে অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰে । অৱশ্যে অঞ্চলটোত সাধাৰণ গাঁওবাসী থকাৰ বাবে সেনাই নিয়ন্ত্ৰিতভাৱে প্ৰত্যুত্তৰ দিয়ে । সেই সময়তে গুলীৰ আঘাতত সেনাৰ এজন জোৱান আহত হয় । তেওঁক ততাতৈয়াকৈ লিমাখোং সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁৰ অৱস্থা সুস্থিৰ হৈ আছে । অঞ্চলটোত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে আৰু যুটীয়া অভিযান চলি আছে ।
আনহাতে, ভাৰতীয় সেনাই দেওবাৰে ইম্ফল উপত্যকাৰ হিংসাপীড়িত অঞ্চলত এক ফ্লেগ মাৰ্চ কৰে । ইফালে ইম্ফল পূব জিলা কৰ্তৃপক্ষই শনিবাৰে আৰু দেওবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কাৰ্ফিউ শিথিল কৰাৰ সিদ্ধান্ত লয় । সাধাৰণ ৰাইজে যাতে ঔষধ আৰু খাদ্য-সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ বাবে এই সিদ্ধান্ত লোৱা হয় । এই সন্দৰ্ভত ইম্ফল পূব জিলা দণ্ডাধীশ খুমানথেম ডায়েনা দেৱীয়েও এক নিৰ্দেশ জাৰি কৰে ।