নিউজ ডেস্ক, ৩ জুলাই : বিগত ৩ মে'ত মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে সংখ্যাগৰিষ্ঠ মেইটেইসকলক অনুসূচিত জনজাতিৰ (এছটি) মৰ্যাদা প্ৰদানক লৈ এক প্ৰতিবাদী সমদল উলিওৱাৰ পিছতে মণিপুৰত আৰম্ভ হয় হ্ংসাত্মক ঘটনা । কিন্তু ৩ মে'ত আৰম্ভ হোৱা মণিপুৰৰ এই হিংসাত্মক ঘটনা শামকটাৰ কোনো লক্ষণে দেখুওৱা নাই । অবিৰাম চলি থকা এই জাতিগত সংঘৰ্ষই উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক নিৰাপত্তাকো অস্থিৰ কৰি তুলিছে । দিল্লীস্থিত Rights and Risks Analysis Group (RRAG)-এ এই কথা প্ৰকাশ কৰিছে ।
"এতিয়ালৈকে কমেও ১২০ জন লোক নিহত হৈছে । আনহাতে, মণিপুৰত সাহায্য শিবিৰত থকা ৫০,৬৯৮ জন লোককে ধৰি প্ৰায় ৭০,০০০ লোক স্থানচ্যুত হৈছে । এতিয়ালৈকে ১২,০০০ ৰো অধিক লোক মিজোৰামলৈ পলাই গৈছে । আনহাতে, ৩,০০০ লোক অসমলৈ আৰু ১,০০০-ৰো অধিক লোকে মেঘালয়লৈ পলাই গৈ আশ্ৰয় লৈছে । আনহাতে, হাজাৰ হাজাৰ স্থানচ্যুত লোকে সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিব বিচৰা নাই ।" আৰআৰএজিৰ সঞ্চালক সুহাস চাকমাই কয় ।
আনহাতে, আন ৰাজ্যলৈ পলাই যোৱা কুকিসকলে মেঘালয়ৰ স্থানীয় জনজাতিসমূহৰ পৰা তাত আশ্ৰয় গ্ৰহণত বিৰোধিতাৰ সন্মুখীন হৈছে । যদিও কিছুদিনৰ পিছত পৰিস্থিতি সামান্য উন্নতি হোৱা দেখা গৈছিল, কিন্তু পুনৰ ৰাজ্যখনলৈ হিংসাত্মক পৰিস্থিতি ঘূৰি আহে । ২ জুলাইত ১০ জন লোকক হত্যাৰ পিছত ৰাজ্যখনত পুনৰ শান্তিপূৰ্ণ অৱস্থাৰ অৱনতি ঘটিছে । তেনে পৰিস্থিতিত বৰ্তমান বেছিভাগ স্থানচ্যুত লোককেই তেওঁলোকৰ মূল ঘৰলৈ ঘূৰাই অনাৰ সম্ভাৱনা কম যেন লাগিছে বুলিও তেওঁ কয় ।
"মণিপুৰত সংঘটিত সংঘৰ্ষৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক শান্তি আৰু নিৰাপত্তাৰ স্থিতিহীনতা উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাসতে অভূতপূৰ্ব । প্ৰায় ৩,০০০ অসামৰিক লোকৰ হাতত অস্ত্ৰ আছিল, ৪,০০০-তকৈও অধিক অস্ত্ৰ আৰু পাঁচ লাখ গোলাবাৰুদ লুণ্ঠন কৰাৰ অভিযোগ উঠিছে ।" চাকমাই লগতে কয় ।