অসম

assam

ETV Bharat / bharat

Manipur Violence: মণিপুৰত ইটোৰ পিচত সিটো অঘটন; বন্দুকসহ 4 জনক আটক - 4 personnel apprehended with gun

মণিপুৰত অশান্তজৰ্জৰ পৰিস্থিতি (Manipur violence again) ৷ বিগত দুদিনত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ লগত জড়িত 4 অভিযুক্তক বন্দুকসহ আটক সেনা বাহিনী আৰু অসম ৰাইফলছৰ (4 personnel apprehended with gun)৷

4 personnel apprehended with gun in Manipur
বন্দুকসহ 4 জনক আটক

By

Published : May 22, 2023, 10:13 PM IST

তেজপুৰ, 22 মে’: এতিয়াও মণিপুৰত শাম কটা নাই পৰিস্থিতি ৷ পুনৰ মণিপুৰত ইটোৰ পিচত সিটোকৈ পুনৰাবৃত্তি হৈছে হিংসাত্মক ঘটনাৰ (4 personnel apprehended with gun) ৷ প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনোৱা অনুসৰি 21 মে' অৰ্থাৎ সোমবাৰে মাজনিশা সংঘটিত প্ৰথম ঘটনাত ইম্ফল পশ্চিম জিলাৰ নিউ কিথেলমাংকি গাঁৱৰ পৰা এটা অবৈধ 12 বেৰেল শ্বট গান (বন্দুক) আৰু 7 টা কাৰ্টিজৰ সৈতে এজন ব্যক্তিক আটক কৰা হৈছিল (Defence spokesperson Lt Col Mahendra Rawat)৷

শেহতীয়াকৈ মিডেংপোক গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাত জড়িত থকাৰ তথ্য পোৱাৰ পিচতেই সেনা আৰু অসম ৰাইফলছৰ এটা যুটীয়া অভিযানত আটক কৰা হয় লোকজনক (Manipur Violence update news) ৷ লোকজনে কৰা গুলীচালনাৰ ফলত ৩ জন গাঁওবাসী আঘাতপ্ৰাপ্ত হৈছিল ৷

লগে লগে আহতকেইজনক আৰ আই এম এছ চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল ৷ আটকাধীন ব্যক্তিজনক চুংখোমাং কিপগেন বুলি চিনাক্ত কৰা হৈছে (Manipur violence again) ৷ সম্প্ৰতি মণিপুৰ আৰক্ষীক গতাই দিয়া ধৃত অভিযুক্তটোক ৷

আনহাতে, দ্বিতীয় ঘটনাত মণিপুৰত সোমবাৰে ইম্ফলৰ নিউ লাম্বুলেনৰ নিউ চেকন অঞ্চলৰ দোকানীসকলক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত 4 জন লোকে দোকান বন্ধ কৰিবলৈ দি দাবী ধমকি প্ৰদান কৰিছিল (Manipur violence again) ৷ তাৰ পিচতে দুৰ্বৃত্তই অঞ্চলটোৰ চাৰিটা বাসগৃহত অগ্নিসংযোগ কৰিছিল ৷ এই ঘটনাৰ পিচতেই তৎক্ষণাৎ অঞ্চলটোত সেনা বাহিনী আৰু অসম ৰাইফলছৰ দল মোতায়েন কৰা হৈছিল ৷

সেনা, অসম ৰাইফলছ, আৰক্ষী আৰু আৰএএফৰ যুটীয়া দলে অঞ্চলটো ঘেৰাও কৰি 2 টা একক 12 বেৰেলৰ বন্দুকসহ 3 জন সন্দেহজনক লোকক আটক কৰা হয় ৷ তাৰ পিচতে সেনাবাহিনীয়ে তিনি অভিযুক্তক আৰক্ষীক চমজাই দিয়ে ৷

এই ঘটনাৰ পিচতে এতিয়া ৰাজ্যখনত ইণ্টাৰনেট কৰ্তনৰ সময়সীমা 26 মে’লৈ বৃদ্ধি কৰিছে ৷ ইম্ফলত পূৰ্বে বিয়লি 4 বজালৈ শিথিল কৰা সান্ধ্য আইন এই ঘটনা সংঘটিত হোৱাৰ পিচত দুপৰীয়া 1 বজালৈ পুনৰ জাৰি কৰা হয় । বিগত প্ৰায় এমাহ ধৰি জাতিগত সংঘৰ্ষক লৈ উত্তাল হৈ আছে মণিপুৰ । চলিত বৰ্ষৰ মে’ মাহৰ আৰম্ভণিতে পাহাৰীয়া ৰাজ্যখনত সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷

লগতে পঢ়ক:Manipur violence: আকৌ মণিপুৰত হিংসাৰ দাবালন; সান্ধ্য আইনৰ শিথিলতা প্ৰত্যাহাৰ

ABOUT THE AUTHOR

...view details