নিউজ ডেস্ক, ৯ জুন :বৃহস্পতিবাৰে মণিপুৰত বিধায়ক চোৰাইচাম কেবিৰ বাসগৃহৰ গে'টত দুজন বাইকত অহা দুৰ্বৃত্তই কম প্ৰাবল্যৰ আই ই ডি (Improvised explosive device) নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে (IED hurled at MLA Soraisam Kebis residence) । "কোনো লোক হতাহত হোৱা নাই । মাটিত কেইটামান গাঁতৰ বাহিৰে বিস্ফোৰণটোৱে কোনো ডাঙৰ ক্ষতি কৰা নাই ।" আৰক্ষী সূত্ৰত প্ৰকাশ ।
মণিপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি, বাইক আৰোহী দুজনে নিংথেমচা কাৰোঙৰ ইম্ফল পশ্চিম জনপদত নাওৰিয়া পাখংলাকপা বিধানসভা সমষ্টিৰ বিধায়ক সোৰাইচাম কেবিৰ বাসগৃহলৈ এটা আইইডি নিক্ষেপ কৰে (Manipur violence) । উল্লেখ্য, আইইডি হৈছে ধ্বংসাত্মক, মাৰাত্মক, ক্ষতিকাৰক, পাইৰোটেকনিক বা জ্বলা-পোৰা কৰা ৰাসায়নিক পদাৰ্থ অন্তৰ্ভুক্ত কৰি এক উন্নত প্ৰকাৰে তৈয়াৰ কৰা বোমা । এই বোমা ব্যক্তি বা বাহন ধ্বংস কৰা বা অক্ষম কৰাৰ বাবে প্ৰস্তুত কৰা হয় ।
ইফালে এই ঘটনাৰ মাজতে মণিপুৰ চৰকাৰৰ উপদেষ্টা (নিৰাপত্তা) কুলদীপ সিঙে বৃহস্পতিবাৰে কয় যে, মণিপুৰৰ পৰিস্থিতি বৰ্তমান শান্তিপূৰ্ণ আৰু সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে (Manipur government Advisor Kuldeep Singh) । উত্তৰ-পূবৰ ৰাজ্যখনত বিগত ৪৮ ঘণ্টাত কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে ।
আনহাতে, মণিপুৰৰ পৰা নিৰাপত্তাৰ বাবে অন্য স্থানত গৈ আশ্ৰয় লোৱা লোকসকলক সকাহ প্ৰদান কৰিবলৈ সিঙে কয় যে গৃহ মন্ত্ৰালয়ে ১০১.৭৫ কোটি টকাৰ সাহায্য পেকেজত অনুমোদন জনাইছে । মণিপুৰৰ পৰা স্থানচ্যুত হোৱাসকলৰ বাবে গৃহ মন্ত্ৰালয়ৰ সাহায্য পেকেজৰ অনুমোদনৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাজ্য চৰকাৰক এনে পেকেজৰ বাবে তেওঁৰ মন্ত্ৰালয়লৈ অনুৰোধ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল (Home Minister Amit Shah Manipur visit) ।