অসম

assam

ETV Bharat / bharat

Manipur Sexual Assault News:ভুৱা বাতৰিৰ বিৰুদ্ধে কঠোৰ হৈছে মণিপুৰ আৰক্ষী

ভুৱা বাতৰিৰ বিৰুদ্ধে কঠোৰ হৈছে মণিপুৰ আৰক্ষী ৷ সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰৰ বাবে এজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু ৷

Etv Bharat
Etv Bharat

By

Published : Jul 24, 2023, 10:56 PM IST

তেজপুৰ,24 জুলাই:মণিপুৰত যোৱা 4 মে’ত সভ্য সমাজক লজ্জানত কৰা ঘটনা পোহৰলৈ অহাৰ পাচতে মণিপুৰ আৰক্ষী অধিক সক্ৰিয় হৈ পৰিছে ৷ বিশেষকৈ ৰাজ্যখনত চলা কেতবোৰ উৰা বাতৰিৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷ ৰাজ্যখনৰ DGPয়ে ৰাজ্যপালক সাক্ষাৎৰ পাচতে এই ঘোষণা কৰিছে আৰক্ষী তৰফৰ পৰা ৷

দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি পেৰেড কৰা ঘটনাৰ সন্দৰ্ভত একাংশ লোকে সামাজিক মাধ্যমত চলাইছে উৰা বাতৰি ৷ যাৰ ফলত অধিক হিংসাত্মক ঘটনা হোৱাৰ সম্ভাৱনা নুই কৰা নাই আৰক্ষীয়ে ৷ সেয়ে মণিপুৰ আৰক্ষীয়ে ভুৱা বাতৰি পৰিবেশন আৰু সামাজিক মাধ্যমত সেই বিশেষ ভিডিও ভাইৰেল কৰাৰ সন্দৰ্ভত এজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । দেওবাৰে নিশা যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয় চুৰাচান্দপুৰৰ চিচিপুৰ আৰক্ষী থানাত ।

আৰক্ষীৰ সুত্ৰ অনুসৰি যুৱকজনে এজন ৰাজনৈতিক নেতা আৰু তেওঁৰ পুত্ৰৰ ফটো ব্যৱহাৰ কৰি দুই মহিলাৰ বিবস্ত্ৰ ভিডিঅ সংযোজনেৰে এটা লেখা সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল ৷ তাৰ পাচতে আৰক্ষীয়ে চিচিপুৰ থানাত চাইবাৰ অপৰাধৰ অভিযোগত গোচৰ দাখিল কৰে যুৱকজনৰ বিৰুদ্ধে ।উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে চাঞ্চল্যকৰ ভিডিঅ’ সমূহ সামাজিক মাধ্যকৰ পৰা মচি পেলাবলৈ আহ্বান জনাইছিল ৷ বিশেষকৈ টুইটাৰৰ পৰা আঁতৰাবলৈ টুইটাৰৰ ভাৰত শাখাক হেঁচা দিছিল ৷ তাৰ পাচতো আজিও সামাজিক মাধ্যমত সেই বিশেষ ভিডিঅ’ প্ৰচাৰ হৈ আছে।

মহিলাক বিবস্ত্ৰ কৰি পেৰেড কৰা ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাঁচজনক ৷ ২০ জুলাইৰ পৰা মুঠ পাঁচজন লোকক আৰক্ষীয়ে কাংপকপি জিলাৰ পৰা গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পিচত পুনৰ ১১ দিনৰ জিম্মাত লয় গ্ৰেপ্তাৰ কৰা পাঁচজন লোকক ৷ আনহাতে এই ঘটনাৰ লগত জড়িত এজন কিশোৰক জুভিনেইল কাৰাগাৰত প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে আৰু বহু কেইজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ ঘটনাৰ লগত জড়িত সৰহ সংখ্যক লোকে বৰ্তমান পলায়ন বা আত্মগোপন কৰি আছে । ইয়াৰ বাবে আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত নাকা চেকিং আৰু অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Kuki Women Raped: ধর্ষণকাৰীক শাস্তিৰ দাবীত চুৰাচান্দপুৰত কুকি-জো জনগোষ্ঠীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details