তেজপুৰ, 7 মে’ : পূৰ্বতকৈ কিছু উন্নত হৈছে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ ৷ জনজাতীয় আৰু সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ সদস্যৰ মাজত তীব্ৰ সংঘাতে দেখা দিয়াত ৰাজ্যখনত জাৰি কৰা হৈছিল সান্ধ্য আইন ৷ অৱশ্যে দেওবাৰে পুৱা তিনি ঘণ্টাৰ বাবে শিথিল কৰি দিয়া হয় বুলি এক অধিসূচনাযোগে প্ৰকাশ পাইছে । সান্ধ্য আইন পুৱা 7 বজাৰ পৰা 10 বজালৈ শিথিল কৰা হয় বুলি জানিবলৈ পৰা গৈছে (Curfew Relaxed In Churachandpur For 3 Hours) ।
ইফালে শনিবাৰে বিয়লি 3 বজাৰ পৰা সন্ধিয়া 5 বজালৈ দুঘণ্টাৰ বাবে ৰাজ্যখনত সান্ধ্য আইন শিথিল কৰা হয় । চুৰাচান্দপুৰ জিলাত আইন-শৃংখলাৰ পৰিস্থিতি উন্নত হোৱাৰ পিচতে ৰাজ্য চৰকাৰ আৰু বিভিন্ন অংশীদাৰৰ মাজত হোৱা আলোচনাৰ অন্তত জিলাখনত সান্ধ্য আইন আংশিকভাৱে শিথিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শনিবাৰৰ নিশা এক টুইটযোগে অধিসূচনাখন শ্বেয়াৰ কৰে (Violence hit Manipur)।
যোৱা 3 মে’ত জনজাতীয় আৰু সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ সদস্যৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পিছতে ৰাজ্যখনত সান্ধ্য আইন জাৰি কৰা হৈছিল ৷ সংঘৰ্ষৰ ফলত এতিয়ালৈকে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰাৰ লগতে কমেও 54 জন লোকৰ মৃত্যু হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । চুৰাচান্দপুৰৰ জিলা দণ্ডাধীশ শৰথ চন্দ্ৰ আৰোজুৱে জাৰি এক কৰা অধিসূচনা অনুসৰি, পৰৱৰ্তী সময়ত আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিথিলতাসমূহ পৰ্যালোচনা কৰা হ'ব বুলি উল্লেখ কৰে (Manipur violence update)।