নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ:গোষ্ঠীগত সংঘৰ্ষৰ উত্তেজনা মাৰ যোৱা নাই মণিপুৰত ৷ 6 জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা দুজন ছাত্ৰক হত্যা কৰাৰ খবৰ পোহৰলৈ অহাৰ পিচতে পুনৰ উত্তপ্ত হৈ পৰিছে উঃপূঃৰ ৰাজ্যখনৰ পৰিস্থিতি ৷ এই সময়তে মণিপুৰ আৰক্ষী আৰু ভাৰতীয় সৈন্যৰ মাজতো বাক-বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ পুনৰ ভাৰতীয় সেনাৰ বিৰুদ্ধে উত্থাপিত হোৱা পৰিলক্ষিত হৈছে গুৰুতৰ অভিযোগ ৷
মণিপুৰ আৰক্ষীয়ে জনোৱা মতে 6 জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা দুজন ছাত্ৰক হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বিক্ষোভকাৰীৰ সৈতে মোকাবিলা কৰাৰ সময়ত চি আৰ পি এফ/আৰ এ এফে সাম্প্ৰদায়িক মন্তব্য কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ অৱশ্যে চি আৰ পি এফ/আৰ এ এফে নস্যৎ কৰিছে এই অভিযোগ ।
লক্ষণীয় বিষয় যে, আৰ এ এফৰ এজন জোৱানে উক্ত সময়ত “এয়া আমাৰ সম্প্ৰদায় নহয়, যি বিচাৰে তাকে কৰক (হামাৰা জাতি নেহী হ্যে, কুচ ভি কৰৌ)” মন্তব্য কৰা এটা ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হোৱা পৰিলক্ষিত হৈছে ৷
মঙলবাৰে নিশা 'X'ৰ এটা পোষ্টত সেনাই কয়, "হিংসাত্মক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ সময়ত আৰ এ এফৰ জোৱানসকলে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰা বুলি এটা ভিডিঅ' প্ৰচাৰিত হৈছে । দেখা গৈছে যে ভিডিঅ' নিৰ্মাতাই ইচ্ছাকৃতভাৱে নিজৰ কণ্ঠত জাতিগত মন্তব্য ৰেকৰ্ড কৰি আৰ এ এফৰ সৈন্যৰ ভাবমূৰ্তি কলংকিত কৰিছে । নিষ্ঠা আৰু আন্তৰিকতাৰে নিজৰ কৰ্তব্য পালন কৰা আৰ এ এফৰ জোৱানসকলক বদনাম আৰু নিৰুৎসাহিত কৰিবলৈ এই অভিযোগ উত্থাপন কৰা হৈছে ৷ আৰ এফৰ জোৱানসকল গোটেই দিনটো আৰু আনকি ৰাতিৰ সময়তো ইম্ফল চহৰৰ বিভিন্ন ঠাইত আইন-শৃংখলাৰ কৰ্তব্যৰ বাবে নিয়োজিত হৈ আছিল ।"