নেশ্যনেল ডেস্ক,৫ মাৰ্চ :মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ (Manipur assembly election 2022) দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শনিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে । ৬ খন জিলাৰ ২২ টা সমষ্টিত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ । নিৰ্বাচনৰ লগতে সংগতি ৰাখি মণিপুৰৰ ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ টুইট । প্ৰধানমন্ত্ৰীগৰাকী সকলো লোককে ভোটগ্ৰহণৰ বাবে ওলাই আহিবলৈ আহ্বান জনায় । গণতন্ত্ৰৰ উৎসৱ হিচাপে এই নিৰ্বাচনক প্ৰতিফলিত কৰিবলৈও প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।
জানিব পৰা মতে পুৱা ৯ বজালৈকে প্ৰায় ১১.৪০ শতাংশ ভোটদান সম্পন্ন হৈছে । আনহাতে পুৱা ৭ বজাৰ পূৰ্বেই বহু ভোটকেন্দ্ৰত লোকসকলে ভোটদানৰ বাবে ভিৰ কৰে । প্ৰতিটো ভোটকেন্দ্ৰতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । এতিয়ালৈ কোনো নিৰ্বাচনকেন্দ্ৰিক হিংসা বা অপ্ৰীতিকৰ ঘটনাৰ খবৰ অহা নাই । প্ৰতিটো ভোটকেন্দ্ৰত ক'ভিডৰ নীতি-নিয়মসমূহ পালন কৰা হৈছে । আবেলি ৪ বজালৈ চলিব এই ভোটদান প্ৰক্ৰিয়া ।