নেশ্যনেল ডেস্ক, ২৫ জুলাই :মণিপুৰত মহিলাক বিবস্ত্ৰ কৰি সমদল কৰা ভিডিঅ' গোচৰত পুনৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । মণিপুৰ আৰক্ষীয়ে সোমবাৰে সন্ধিয়া জনোৱা মতে থৌবাল জিলাত সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰে । টুইটযোগে মণিপুৰ আৰক্ষীয়ে কয় যে ২০২৩ চনৰ ৪ মে'ত দুগৰাকী মহিলাৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । এতিয়ালৈকে গোচৰটোত এগৰাকী কিশোৰসহ ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।
আৰক্ষীয়ে পূৰ্বে ভিডিঅ'টো সন্দৰ্ভত ১৪ গৰাকী লোকক চিনাক্ত কৰিছিল । অৱশ্যে মণিপুৰ আৰক্ষীয়ে দাবী কৰিছে যে এতিয়া বহু লোক পলাতক হৈ আছে । বহুতে আত্মগোপন কৰি আছে । যাৰ বাবে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই বাকী থকা অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ সৰ্বাধিক প্ৰচেষ্টা চলাই আছে । পূৰ্বে গ্ৰেপ্তাৰ হোৱা লোকসকলক আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে ।
ইফালে মণিপুৰৰ বিভিন্ন জিলাত মুঠ ১২৫ টা নাকা চেকিং স্থাপন কৰিছে । য'ত আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাত আইন উলংঘন সন্দৰ্ভত ৩৯৬ জন লোকক আটক কৰিছে । আৰক্ষীয়ে জনোৱা মতে সকলো স্পৰ্শকাতৰ অঞ্চলত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু বাহনসমূহৰ সুৰক্ষিত চলাচল আৰু নিৰাপত্তাৰ বাবে কনভয়ৰ ব্যৱস্থা কৰিছে ।